Elephant menace in Bihali : বিহালীত বন্যহস্তীৰ উপদ্ৰৱ; বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে গঞাৰ
নিউজ ডেস্ক,৬অক্টোবৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Bihali)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে । ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বিহালীত অব্যাহত আছে বনৰীয়া হাতীয়ে উপদ্ৰৱ।বিহালী বিভিন্ন অঞ্চলত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে নিদ্ৰা হৰণ কৰিছে অঞ্চলটোৰ খেতিয়ক ৰাইজৰ।
বিহালী অভয়াৰণ্যৰ পৰা দৈনিক ওলাই অহা বৃহৎ বন্যহস্তীৰ জাকে খেতিয়কৰ সপোনৰ সোণগুটি ডৰা গেঁৰ লগা অৱস্থাতে তহিলং কৰে ।
ভুক্তভোগী কৃষকে জনোৱা অনুসৰি বিহালী সমষ্টিৰ চেনীমাৰী, ৰাংছালী দলনি, কাছকটা আদিত দৈনিক সন্ত্ৰাস চলাইছে হাতীয়ে । ইতিমধ্যে কেইবাবিঘাও কৃষিভূমি নষ্ট কৰা বনৰীয়া হাতীৰ জাকক সময়ে সময়ে বন বিভাগে খেদি পঠিয়াই যদিও বিগত ১৫ বছৰে বিধায়ক, প্ৰাক্তন মন্ত্ৰী বৰ্তমানৰ সাংসদ ৰঞ্জিত দত্তই স্থায়ী পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত প্ৰতি বছৰে হাতীয়ে উপদ্ৰৱ চলাই আহিছে ।
স্থানীয় ৰাইজৰ দাবী – অতি সোনকালে ঝাটকা তাঁৰৰ ব্যৱস্থা কৰি খেতিপথাৰ ৰক্ষাৰ ক্ষেত্ৰত বনমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰাৰ সমান্তৰালকৈ ক্ষতিপূৰণ প্ৰদানৰ বাবে কৃষকে দাবী জনায় ৷