Local, Vocal, Global

WATCH | Electrocution Incident : সোণাৰিৰ লুখুৰাখনত অঘটন;বিদ্যুৎপৃষ্ঠ হৈ চাৰিজন শ্ৰমিক আহত

সোণাৰি,২৮এপ্ৰিল : সোণাৰিৰ লুখুৰাখনত অঘটন;বিদ্যুৎপৃষ্ঠ হৈ চাৰিজন শ্ৰমিক আহত।

অভিযোগ অনুসৰি শ্ৰমিক কেইজনে বিদ্যুৎ বিচ্ছিন্ন কৰি ট্ৰেন্সফৰ্মাটোৰ মেৰামতীৰ কাম কৰি থাকোতে হঠাৎ বিদ্যুৎ সংযোগ বাহাল কৰাৰ ফলত শ্ৰমিক কেইজন বিদ্যুৎপৃষ্ঠ হৈ চিটিকি পৰে।

ঘটনাটোত কেশৱ গগৈ নামৰ এজন শ্ৰমিকৰ এখন হাত সম্পূৰ্ণৰূপে কটা যোৱাৰ লগতে দেহৰ আধা অংশ জ্বলি যায়(Electrocution Incident)। এই ঘটনাত মৰাণহাবীৰ আন তিনিজন শ্ৰমিক ক্ৰমে আগন্তুক চেতিয়া, অভিজিত গগৈ আৰু কেশৱ চেতিয়া গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।

বিদ্যুৎ বিভাগৰ হেমহীৰ বাবেই এনে ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। আহত শ্ৰমিক কেইজনক ততাতৈয়াকৈ সোণাৰি জিলা অসামৰিক চিকিৎসালয়লৈ অনা হয় য’ত তেওঁলোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ অন্তত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।

লগতে পঢ়ক : WATCH | Jagiroad News : জাগীৰোড বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ