আজিৰে পৰা বৃদ্ধি পালে বিদ্যুৎ মাচুল,টোলগেটৰ কৰ আৰু জীৱনদায়িনী ঔষৰ মূল্য…

ডিজিটেল ডেস্ক:- জনতাৰ ওপৰত মাধমাৰ।আজিৰে পৰা বৃদ্ধি পালে বিদ্যুৎ মাচুল,টোলগেটৰ কৰ আৰু জীৱনদায়িনী ঔষৰ মূল্য। কেন্দ্ৰ-ৰাজ্যৰ ক্ষমতালৈ অহা বিজেপি চৰকাৰে এতিয়াই সঘনাই পেট্ৰ’ল,ডিজেল, ৰন্ধন গেছ,খাদ্য-সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ আছে।এইবাৰ জনতাৰ ওপৰত মাধমাৰ সোধাইছে জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধিয়ে।বিদ্যুৎ মাচুল, টোলগেটৰ কৰ, জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধি ঘটোৱাত প্ৰবল ক্ষোভৰ উদগীৰণ হৈছে নাগৰিকৰ মাজত ।আজিৰে পৰা পেৰাচিটামল, এন্টিবায়টিক, ফলিক এচিড, এনাস্থেচিয়াসহ ৩৮৪ বিধ নিত্য প্ৰয়োজনীয় ঔষধৰ মূল্য ১২ শতাংশ পৰ্যন্ত বৃদ্ধি পাব ।
ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকে প্ৰতি মাহে প্ৰতি কিলোৱাট ভিত্তিত ভৰিব লাগিব অতিৰিক্ত দহ টকাকৈ । একে সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ৭ খন টোলগেটত ৫ৰ পৰা ১০ শতাংশলৈ বৃদ্ধি কৰা হৈছে কৰ ।