Election Commission team arrives in Guwahati : গুৱাহাটীত উপস্থিত তিনিজনীয়া নিৰ্বাচনী আয়োগৰ দল
নিউজ ডেস্ক, ৫মাৰ্চ : সমাগত লোকসভা নিৰ্বাচন ৷ গুৱাহাটীত উপস্থিত তিনিজনীয়া নিৰ্বাচনী আয়োগৰ দল। দুদিনীয়া সূচী লৈ অসমত উপস্থিত দলটো( Election Commission team arrives in Guwahati) ।
এয়াৰ ইণ্ডিয়া বিমানযোগে কলকাতাৰ পৰা আহি মঙলবাৰে গুৱাহাটী বিমান বন্দৰত উপস্থিত হয় দলটো । তিনিজনীয়া নিৰ্বাচনী আয়োগৰ দলটোৱে জনতা ভৱনত আভ্যন্তৰীণ দিশবোৰ পৰ্যালোচনা কৰাৰ বাবেই আজি গুৱাহাটীত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে( Election Commission team arrives in Guwahati)।
জানিব পৰা মতে, দুদিনীয়া ভ্ৰমণসূচীৰে আহি উপস্থিত হোৱা দলটোৱে ৰেডিচন ব্লুত বাহৰ পাতিব । ইয়াৰ পিচতে বিয়লিলৈ তেওঁলোকে জনতা ভৱনত উপস্থিত হৈ জিলা আয়ুক্তসকলৰ সৈতে বৈঠকত মিলিত হ’ব ৷
তিনিজনীয়া নিৰ্বাচনী আয়োগৰ দলটোৰ নেতৃত্ব দিয়ে নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে । লগতে দলটোত আছে নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেল । নিৰ্বাচনী আয়োগৰ দলটোৱে দুদিনৰ ভিতৰত আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু প্ৰশাসনৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ কথা আছে ।
লগতে পঢ়ক : Insurgent killed in gunfight with security forces : আছাম ৰাইফলছ, NSCN (K) ৰ মাজত সংঘৰ্ষ; নিহত এজন