Local, Vocal, Global

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহৰ বাবে নিৰ্বাচন আয়োগৰ বিশেষ নিৰ্দেশনা

নিউজ ডেস্ক, ২৩ ফ্ৰেব্ৰুৱাৰীঃ দেশৰ ক’ভিড পৰিস্থিতি হ্ৰাস পোৱাৰ লগে লগে নিৰ্বাচন আয়োগে এক নিৰ্দেশনাৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহত পূৰ্বে জাৰি কৰা নিৰ্দেশনাৰ কিছু সালসলনি কৰিছে।
         আয়োগে প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি  এতিয়াৰে পৰা নিৰ্বাচনত অংশগ্ৰহণ কৰা প্ৰাৰ্থী তথা ৰাজনৈতিক দলবোৰে সভা আৰু ৰেলী অনুষ্ঠিত কৰা ক্ষেত্ৰত পূৰ্বৰ নিয়ম পালন কৰিব নালাগে। এতিয়াৰে পৰা প্ৰাৰ্থী তথা দলবোৰে প্ৰচাৰ সভা আৰু ৰেলী অনুষ্ঠিত কৰিব পাৰিব।  লগতে পূৰ্বে আয়োগে ৰোড শ্ব’ত নিষেধাজ্ঞা আৰোপ কৰিছিল । এতিয়া এই নিষেধাজ্ঞাও প্ৰত্যাহাৰ কৰিছে আয়োগে।
        উল্লেখ্য যে, ২২ জানুৱাৰীত আয়োগে সেই সময়ৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনী প্ৰচাৰৰ বিভিন্ন বাধা প্ৰদান কৰিছিল। কিন্তু ক্ৰমান্বয়ে ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ বাবে সেই বাধা নিষেধবোৰ আঁতৰাই দিয়াৰ নিৰ্দেশনা দিছে।