ECI Makes Seizure of Rs 4650 Crores : নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাডৰ অভিযান; অভিযানত দেশত জব্দ ৪৬৫০ কোটি টকা
নেশ্যনেল ডেস্ক,১৫ এপ্ৰিল : অহা ১৯ এপ্ৰিলৰ পৰা দেশত লোকসভা নিৰ্বাচন । নিৰ্বাচনৰ প্ৰাকক্ষণত নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাডৰ অভিযান আৰম্ভ কৰিছে । এই অভিযানত বিভিন্ন সংস্থাই দেশত কোটি কোটি টকা উদ্ধাৰ কৰিছে(ECI Makes Seizure of Rs 4650 Crores) ।
প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ইতিমধ্যে দেশত ধন জব্দৰ সকলো অভিলেখ ভংগ হৈছে ।দেশত বিভিন্ন সংস্থাসমূহৰ অভিযনাত দেশৰ ভিন্ন প্ৰান্তৰ পৰা এতিয়ালৈ প্ৰায় ৪৬৫০ কোটি টকা জব্দ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যসমূহৰ ভিতৰত ৰাজস্থানত সৰ্বাধিক ৭৭৮.৫২ কোটি টকাৰ নগদ ধন আৰু সামগ্ৰী জব্দ হৈছে । তাৰ পিচত গুজৰাটত ৬০৫.৩৫ কোটি টকাৰ, তামিলনাডুত ৪৬০.৮৪ কোটি টকাৰ, মহাৰাষ্ট্ৰত ৪৩১.৩৪ কোটি টকাৰ, পাঞ্জাবত ৩১১.৮৪ কোটি টকাৰ, মহাৰাষ্ট্ৰত ২৮১.৪৩ কোটি টকাৰ আৰু নতুন দিল্লীৰ লগতে আন স্থানত ২৬ কোটি টকাৰ সামগ্ৰী জব্দ হৈছে(ECI makes highest every seizure of inducements before LS poll) ।
ইফালে বিভিন্ন দেশৰ বিভিন্ন ৰাজ্যত জব্দ হৈছে ড্ৰাগছ ।খবৰ অনুসৰি গুজৰাটত সৰ্বাধিক ৪৮৫.৯৯ কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে । তামিলনাডুত ২৯৩.০২ কোটি টকাৰ ড্ৰাগছ, পাঞ্জাবত ২৮০.৮১ কোটি টকাৰ, নতুন দিল্লী আৰু আন স্থানৰ পৰা ১৮৯.৯৪ কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে । মুঠ ২০৬৮.৮৫ কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে ।
ইফালে ১২ এপ্ৰিলত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত গৌণকুমাৰ আৰু সুখবীৰ সিং সান্ধুৰ নেতৃত্বত আয়োগে ১৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত নিয়োজিত সকলো কেন্দ্ৰীয় পৰ্যবেক্ষকৰ পৰ্যালোচনা কৰে । প্ৰলোভন-মুক্ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগে সকলো পদক্ষেপ গ্ৰহণ কৰিছে ।