আজি অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগ;সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে অসমলৈ আহিব নিৰ্বাচন আয়োগ…
ডিজিটেল ডেস্ক:-তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগ।ৰাজ্যৰ সমষ্টি পুনঃনিৰ্ধাৰনক লৈ অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগ ৷ আজি আবেলি ৫ বজাত গুৱাহাটী দেশৰ নিৰ্বাচন আয়োগ আহি উপস্থিত হ’ব ৷ আয়োগৰ তিনিজনীয়া এটা দলে হোটেল ৰেডিছন ব্লু’ত নিশা কটাব ৷জানিব পৰা মতে,২৭ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ ৰাজনৈতিক দলৰ সৈতে বৈঠক।পুৱা ৯ বজাৰ পৰা ১২ বজালৈ ৰাজ্যৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনাত মিলিত হ’ব ৷১ বজাৰ পৰা নাগৰিক প্ৰতিনিধি, সামাজিক সংগঠনৰে বৈঠকত মিলিত হ’ব। ২৮ মাৰ্চৰ বিয়লি সংবাদ মাধ্যমক সম্বোধন কৰিব মুখ্য নিৰ্বাচন আয়ুক্তই। আয়োগে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, মুখ্য সচিব আৰু DGPৰ সৈতেও কৰিব আলোচনা ৷৫ এপ্ৰিলৰ পাছত প্ৰকাশ পাব সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা।