Election Commission of India team to visit Assam Today : দুদিনীয়া সূচী লৈ আজি অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগ

নিউজ ডেস্ক, ৫ মাৰ্চ : সমাগত নিৰ্বাচনৰ প্ৰাকক্ষণত অসম ভ্ৰমণলৈ আহিব নিৰ্বাচন আয়োগৰ দল ৷দুদিনীয়া সূচী লৈ আজি অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগ৷ মুখ্য নিৰ্বাচন আয়ুক্তৰ নেতৃত্বত আহিব দলটো৷দিনৰ ১ বজাত বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰিব দলটোৱে৷
ৰাজ্যত সমাগত লোকসভা নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল’ব দলটোৱে ৷ দুদিনীয়া ভ্ৰমণসূচীৰে মুখ্য নিৰ্বাচন আয়ুক্তৰ নেতৃত্বত আহিব লগীয়া দলটোৱে মঙলবাৰে দিনৰ ১ বজাত বৰঝাৰ বিমান কোঠত অৱতৰণ কৰিব ৷ বিমানকোঠৰ পৰা পোনে পোনে জনতা ভৱনলৈ ৰাওনা হ’ব দলটো ৷ জনতা ভৱনত পৃথকে পৃথকে কেইবাখনো বৈঠকত আয়োগৰ দলটোৱে অংশগ্ৰহণ কৰাৰ কথা আছে ৷ আভ্যন্তৰীণ বৈঠকৰ অন্তত হোটেল ৰেডিচন ব্লু’ত নৈশ যাপন কৰিব দলটোৱে(Election Commission of India team to visit Assam Today) ৷
বুধবাৰেও নিৰ্বাচনৰ প্ৰস্তুতিক লৈ পৰ্যালোচনা কৰিব আয়োগে ৷ দিনটো এলানি বৈঠকত অংশগ্ৰহণ কৰি সিদিনাই বিয়লি নতুন দিল্লীলৈ উভতিব আয়োগৰ দলটো ৷
দলটোৰ নেতৃত্বত থাকিব নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ ৷ নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলো থাকিব দলটোত ৷ দুয়োটা দিনৰ ভিতৰত আৰক্ষী, অৰ্ধ সামৰিক বাহিনী, প্ৰশাসনৰ সৈতে বৈঠকত বহাৰ কথা নিৰ্বাচন আয়োগ দলটো(Election Commission of India team to visit Assam Today) ৷
লগতে পঢ়ক : Tragic Road Accident in Parbatjhora: শোকাৱহ দুৰ্ঘটনা; থিতাতে নিহত দুজন