Elderly Man Found Hanging from Tree : চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ বৃদ্ধৰ মৃতদেহ

নগাঁও,২০মে’ : চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ বৃদ্ধৰ মৃতদেহ ।
নগাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । নগাঁৱৰ খ্ৰীষ্টিয়ানপট্টিত উদ্ধাৰ ৭৪ বছৰীয়া এগৰাকী বৃদ্ধৰ মৃতদেহ । খ্ৰীষ্টিয়ানপট্টিৰ এ ডি পি ৰোডত চিপ লোৱা অৱস্থাত উদ্ধাৰ বৃদ্ধ গৰাকীৰ মৃতদেহ। মৃত লোকজন অণুপ কুমাৰ গাংগুলী(Elderly Man Found Hanging from Tree)।
জানিব পৰ মতে,সোমবাৰে পুৱা স্থানীয় ৰাইজে গছত ওলমি থকা লোকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে আৰু লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে যদিও বাতৰি প্ৰস্তুত কৰা পৰলৈ লোকজনৰ মৃত্যু সন্দৰ্ভত পোহৰলৈ অহা নাই কোনো তথ্য। লোকজনৰ মৃত্যু হত্যা নে আত্মহত্যা তাক লৈ এতিয়া সৃষ্টি হৈছে ৰহস্য(Elderly Man Found Hanging from Tree in Nagaon)।
লগতে পঢ়ক : Drugs Peddlers Arrested in Lanka : লংকাৰ উদালী তিনিআলিত ড্ৰাগছসহ আটক তিনিজন সৰবৰাহকাৰী