Watch | Eighth-grade student has been missing for 10 days in Morana: মৰাণত ১০ দিন ধৰি সন্ধানহীন অষ্টম শ্ৰেণীৰ ছাত্ৰ

মৰাণ: বিগত দহ দিন ধৰি সন্ধানহীন হৈ আছে মৰাণৰ এজন অষ্টম শ্ৰেণীৰ ছাত্ৰ ৷ চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ২ নং সৰুপথাৰ নিবাসী দিলীপ বৰ্মণ আৰু মণিকা বৰ্মণৰ জেষ্ঠ পুত্ৰ চান্টু বৰ্মণ যোৱা ১৯ মে’-ৰ পৰা সন্ধানহীন হৈ থকাত পৰিয়ালটোত হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
মৰাণহাট জ্যোতিপুৰত আইতাকৰ ঘৰত থাকি মৰাণ টাউন মধ্য ইংৰাজী বিদ্যালয়ত অধ্যয়ন কৰা চান্টুৱে আন দিনাৰ দৰে সেইদিনাও বিদ্যালয়লৈ ওলাই গৈছিল ৷ কিন্তু সেইদিনা বিদ্যালয়ত উপস্থিত নথকা চান্টু বৰ্মণ উক্ত দিনাৰ পৰাই ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে ৷
ছাত্ৰজনৰ সন্ধান বিচাৰি এতিয়া চকুৰ পানীৰে বাট নেদেখা হৈছে পৰিয়ালৰ লোক ৷ ইতিমধ্যে ছাত্ৰজনৰ পৰিয়ালে মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও কোনো সন্ধান নোপোৱাত দু:চিন্তাত ভূগিছে ৷ কোনো দুষ্টচক্ৰৰ কৱলত পৰি সন্ধানহীন হোৱা ছাত্ৰজনক ঘৰলৈ ঘূৰি আহিবলৈ কাতৰ আহ্বান জনাইছে পিতৃ-মাতৃয়ে ৷