Eiffel Tower in Paris set to reopen after six-day strike : দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ল আকৰ্ষণীয় পৰ্যটনস্থলী আইফেল টাৱাৰ
ইণ্টাৰনেশ্যনেল ডেস্ক, ২৬ ফেব্ৰুৱাৰী : দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ল আকৰ্ষণীয় পৰ্যটনস্থলী আইফেল টাৱাৰ ৷ বিগত কেইবাদিন ধৰি কৰ্মচাৰীৰ ধৰ্মঘটৰ বাবে বন্ধ হৈ আছিল আইফেল টাৱাৰ ।
দেওবাৰে পুনৰ দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ল আইফেল টাৱাৰ(Eiffel Tower reopens to visitors after a six-day closure due to an employee strike) ।
জানিব পৰা মতে, ঐতিহাসিক কীৰ্তিচিহ্নটোৰ উন্নত ৰক্ষণাবেক্ষণৰ দাবীৰ লগতে দৰমহা বৃদ্ধিৰ দাবীত ধৰ্মঘটকাৰীসকলে ছয় দিন ধৰি বন্ধ কৰি ৰাখে আইফেল টাৱাৰ ৷
৩৩০ মিটাৰ (1083 ফুট) দৈৰ্ঘৰ এই টাৱাৰটোৰ অপাৰেটৰে এক বিবৃতিত কয়, “২০৩১ চনৰ ভিতৰত পুৰ্ননিৰ্মাণৰ কামৰ বাবে ৩৮ কোটি ইউৰো (প্ৰায় ৪১২ মিলিয়ন মাৰ্কিন ডলাৰ)ৰ অভিলাষী বিনিয়োগ আৱণ্টন দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত ইউনিয়নৰ শ্ৰমিকসকলৰ সৈতে এক চুক্তিত উপনীত হৈছে(Eiffel Tower in Paris set to reopen after six-day strike) ।”
চলিত সপ্তাহতে দৰমহাৰ সম্পৰ্কীয় আলোচনাও আৰম্ভ কৰে ৷ যিটো অহা মাহত চূড়ান্ত হোৱাৰ আশা কৰা হৈছে ৷ কাৰণ ধৰ্মঘট কৰা কৰ্মচাৰীসকলে টিকট বিক্ৰীৰ পৰা পোৱা ৰাজহৰ সমানুপাতিক বৃদ্ধিৰ দাবী জনাইছে । ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া পেৰিছ গেমছ আৰু তাৰ পিছৰ পেৰালিম্পিকত ১৩৫ বছৰীয়া এই টাৱাৰটোত বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হ’ব । পেৰিছৰ অলিম্পিক আৰু পেৰালিম্পিক পদকত ঐতিহাসিক কীৰ্তিচিহ্নৰ পৰা লোৱা ষড়ভূজৰ লোহাৰ টুকুৰা সোমাই আছে ।
আইফেল টাৱাৰ সাধাৰণতে বছৰৰ ৩৬৫ দিন খোলা থাকে । যোৱা বছৰ দেশৰ পেঞ্চন ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বাবে চৰকাৰে লোৱা পৰিকল্পনাৰ বিৰুদ্ধে সমগ্ৰ ফ্ৰান্সত ব্যাপক প্ৰতিবাদৰ চলাৰ সময়ত ১০ দিনৰ বাবে এই স্মৃতিসৌধটোৰ চৌহত দৰ্শনাৰ্থী প্ৰৱেশ বন্ধ কৰি ৰখা হৈছিল (Eiffel Tower reopens to visitors after strike by workers who complained of rust)।