Eid-ul-Fitr 2025 : অন্তিমটো ইফটাৰেৰে অন্ত পৰিল পৱিত্ৰ ৰমজান মাহৰ; কাইলৈ ইছলাম ধৰ্মাৱলম্বীৰ ঈদ-উল-ফিতৰ

নিউজ ডেস্ক ,৩০মাৰ্চ : অন্তিমটো ইফটাৰেৰে অন্ত পৰিল পৱিত্ৰ ৰমজান মাহৰ। কাইলৈ ইছলাম ধৰ্মাৱলম্বীৰ ঈদ-উল-ফিতৰ ।
এমহীয়া ৰোজাৰ অন্তত কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব পবিত্ৰ-ঈদ-উল-ফিটৰ ।
বিগত এমাহ ধৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে কঠোৰ নীতি-নিয়মৰ মাজেৰে নিজক সংজম কৰি পালন কৰিলে ৰোজা । এই ৰোজাৰ আজি শেষ দিন । ইছলামিক কেলেণ্ডাৰমতে বছৰৰ দশম মাহ ছাওৱালৰ প্ৰথম দিনটোতে পালন কৰা হয় ঈদ উল ফিটৰ। কাইলৈ সমগ্ৰ দেশৰ ইছলাম ধৰ্মীৰ লোকে পালন কৰিব পবিত্ৰ ঈদ-উদ-ফিটৰ(Eid-ul-Fitr 2025) ।
ৰমজানৰ ৰোজাৰ অন্তত ঈদৰ আনন্দ যাতে সৰ্বস্তৰৰ জনতাই উপভোগ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সামৰ্থবানসকলে দৰিদ্ৰসকলক জাকাত দিয়া পৰ্ব প্ৰচলিত আছে ।
এই জাকাতৰ উদ্দেশ্য হ’ল অভাবী লোকসকলে যাতে নিজকে সংস্থাপিত কৰিবলৈ সক্ষম হয় তাৰ বাবে সামর্থবান লোকে সম্পত্তিৰ চল্লিছ ভাগৰ এভাগ দান কৰে । অকল ভাৰতবাসীয়েই নহয় বিশ্বৰ প্ৰতিজন ইছলাম ধৰ্মৰ লোকে এই উৎসৱৰ আগমনৰ লগে লগেই ত্যাগ আৰু ভাতৃত্ববোধৰ বানী বিলাই উদযাপন কৰে পবিত্ৰ ঈদ-উল ফিটৰ ।
ৰমজান মাহৰ অন্তত উদযাপন কৰিবলগীয়া পবিত্ৰ ঈদৰ প্ৰস্তুতিৰ ইতিমধ্যেই অন্ত পৰিছে । ঈদৰ বজাৰত আজিৰ দিনটোত ক্ৰেতা-বিক্ৰেতাৰ ব্যাপক ভিৰ পৰিলক্ষিত হয়।উৎসৱমুখৰ পৰিৱেশত ঈদৰ বজাৰ কৰিছে সকলোৱে।
পবিত্ৰ ঈদ উল ফিটৰৰ নামাজক লৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে । আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ঈদগাহ ময়দানসমূহ।
কেৱল মহানগৰীতে নহয় গ্ৰাম্যাঞ্চলৰ ঘৰে ঘৰে দেখা পোৱা গৈছে ঈদৰ প্ৰস্তুতি । ঘৰে ঘৰে বনোৱা হৈছে, পিঠা, লাড়ু,কেক আদিকে ধৰি বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য । হেপাহৰ এই উৎসৱ উদযাপনৰ পৰম্পৰাত কোনো ধৰণৰ ক্ৰটি ৰখা নাই ইছলাম ধৰ্মাৱলম্বীসকলে।
লগতে পঢ়ক : WATCH | Ranjeet Kumar Dass : অৱশেষত ক্ষমা বিচাৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে