Local, Vocal, Global

SAMARTH Admission Portal : ১০খন মহাবিদ্যালয়ত সমৰ্থ প’ৰ্টেলৰে শিক্ষাৰ্থীক আবেদনৰ সুযোগ প্ৰদান

নিউজ ডেস্ক, ১৫ জুন : উচ্চশিক্ষা বিভাগে ৰাজ্যৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত নামভৰ্তিৰ বাবে আনুষ্ঠানিকভাৱে এটা বিশেষ প’ৰ্টেল মুকলি কৰিছে (SAMARTH Admission Portal) । বুধবাৰে সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কেন্দ্ৰীয় চৰকাৰৰ ‘সমৰ্থ-ই-গভ’ৰ ভিত্তিত উচ্চ শিক্ষা বিভাগে প্ৰস্তুত কৰা এই প’ৰ্টেলটো আনুষ্ঠানিকভাৱে মুকলি কৰে (Ranuj Pegu) ।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থ-ই-গভ অধীনত Assam State Higher Education Admission Portalৰ জৰিয়তে চলিত বৰ্ষত বিশ্ববিদ্যালয়-মহাবিদ্যালয়সমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া চলিব।

এই সন্দৰ্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে , “চলিত শিক্ষা বৰ্ষৰ পৰাই ৰাজ্যখনৰ প্ৰতিখন উচ্চ শিক্ষা প্রতিষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে এই প’ৰ্টেলটোৰ দ্বাৰা নামভৰ্তি কৰিব পাৰিব । বৃহস্পতিবাৰে নিশা ১০ বজাৰ পৰা কাৰ্যকৰী হ’ব লগা প’ৰ্টেলটোৰ জৰিয়তে শিক্ষার্থীয়ে নিজৰ পছন্দ অনুযায়ী ১০খন বিদ্যালয়ত নামভৰ্ভিত বাবে আবেদন কৰিব পাৰিব । এই প’ৰ্টেলৰ জৰিয়তে এজন শিক্ষার্থীয়ে এখন মহাবিদ্যালয়ত নামভৰ্তি কৰিলে তেওঁ আবেদন কৰা বাকী ৯খন মহাবিদ্যালয়ৰ পৰা নাম কাটি দিয়া হ’ব। কিন্তু শিক্ষার্থীজনে যদি নিৰ্দিষ্ট সময়ৰ ভিতৰত নামভৰ্তি কৰিব খোজা অথবা পছন্দ কৰা মহাবিদ্যালয়খনৰ পৰা আবেদন প্রত্যাহাৰ কৰে, তেন্তে তেওঁ আন বেলেগ এখন মহাবিদ্যালয়ত নামভৰ্তিৰ সুযোগ লাভ কৰিব ।”

লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰত্যেক বৰ্ষত উচ্চ শিক্ষা প্রতিষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাই আহিছে । এজন শিক্ষার্থীয়ে কেইবাখনো মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ ফলত বহুতো শিক্ষার্থী বঞ্চিত হ’ব লগা হয় । কিয়নো শিক্ষার্থীজনে নির্দিষ্ট এখন বিদ্যালয়তহে পৰৱৰ্তী সময়ত শিক্ষাগ্রহণ কৰে (Education Minister launches SAMARTH admission portal) ।

এই অনুষ্ঠানত শিক্ষা উপদেষ্টা ড° ননীগোপাল মহন্ত, উচ্চ শিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি আৰ ছামালৰ লগতে শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়া আৰু বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষসকল উপস্থিত থাকে ।

লগতে পঢ়ক : Karnataka HC warns Facebook : কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ফেচবুক কৰ্তৃপক্ষক সকিয়ানী