Watch | Education city Jorhat shines with first position in matriculation: মেট্ৰিকত প্ৰথম স্থান দখলেৰে উজলি উঠিল শিক্ষানগৰী যোৰহাট
যোৰহাট: ঘোষণা হ’ল বহু প্রত্যাশিত মেট্ৰিকৰ ফলাফল । ১০.৩০ বজাৰ লগে লগে ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। প্ৰথম স্থান দখলেৰে উজলি উঠিল শিক্ষানগৰী যোৰহাট। শীর্ষ স্থানত উজলিল যোৰহাটৰ আমিশী শইকীয়া । আমিশী শইকীয়াই লাভ কৰে সৰ্বমুঠ ৫৯১ নম্বৰ। দ্বিতীয় স্থানত উজলিল নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সপ্তৰ্ষ বৰদলৈ। ৫৯০ নম্বৰ লাভ কৰি দ্বিতীয় স্থানত সপ্তর্ষ।তৃতীয় স্থানত যোৰহাটৰ অনির্বাণ বৰগোঁহাই ৫৮৯ নম্বৰ লাভ কৰিছে অনির্বাণে।
মেট্ৰিকৰ ফলাফল সৰ্বমুঠ উত্তীৰ্ণৰ সংখ্যা ২লাখ ৭০,৪৭১
প্রথম বিভাগত উত্তীর্ণ- ৮৯,০৪১
দ্বিতীয় বিভাগত উত্তীর্ণ-১,৩৫,৫৬৮
তৃতীয় বিভাগত উত্তীর্ণ- ৪৫,৮৬২