Local, Vocal, Global

ED summons NC President Farooq Abdullah for Questioning in Money Laundering Case : জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাক EDৰ তলব

নেশ্যনেল ডেস্ক, ১১জানুৱাৰী : জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাক EDৰ তলব। ধন সৰবৰাহৰ গোচৰত সোধা-পোছাৰ বাবে তলব প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক (J&K Cricket Association Case)। বৃহস্পতিবাৰে EDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ।

পুনৰ চৰ্চাত ধন সৰবৰাহৰ গোচৰ ৷ এইবাৰ ধন সৰবৰাহৰ গোচৰত নাম সাঙোৰ খাইছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাৰ ৷

চৰকাৰী সূত্ৰই জনোৱা অনুসৰি, বৃহস্পতিবাৰে ফাৰুক আব্দুল্লাক ধন সৰবৰাহৰ গোচৰত সোধ-পোছ EDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে(ED summons NC chief Farooq Abdullah for Questioning in Money Laundering Case) ।

উল্লেখ্য যে, ৮৬ বছৰীয়া ৰাজনীতিবিদগৰাকীক জম্মু-কাশ্মীৰ ক্ৰিকেট এছ’চিয়েশ্যন (JKCA)ত সংঘটিত হোৱা এক অভিযোগৰ ভিত্তিত ফেডাৰেল এজেন্সীৰ তদন্তৰ বাবে চমন জাৰী কৰা বুলি জানিব পৰা গৈছে । ২০২২ চনতে বলবৎকাৰী সঞ্চালকালয়ে (ED) অভিযোগনামা দাখিল কৰিছিল । তেওঁৰ বিৰুদ্ধে অভিযোগ আছিল যে জম্মু-কাশ্মীৰ ক্ৰিকেট সন্থাৰ লগত জড়িত ধন বিভিন্ন ব্যক্তিগত বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা(ED summons NC President Farooq Abdullah for Questioning in Money Laundering Case) ৷

লগতে পঢ়ক : Five children of a family Die in Sleep in UP’s Amroha : কিমান ভয়ংকৰ হ’ব পাৰে শোৱনি কোঠাত চৌকা জ্বলাই থোৱাৰ পৰিমাণ