Local, Vocal, Global

ED raids houses of former Kamakhya temple management officials:শক্তিপীঠ কামাখ্যা মন্দিৰ পৰিচালনা কৰা কামাখ্যা দেৱোত্তৰ ব’ৰ্ডত ৭.৬২ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ

২৪ জানুৱাৰী ২০২৫ : কামাখ্যা মন্দিৰ পৰিচালনা কৰা কামাখ্যা দেৱোত্তৰ ব’ৰ্ডত বৃহৎ কেলেংকাৰী । ৭.৬২ কোটি টকাৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ। প্ৰাক্তন বিষয়ববীয়াৰ বাসগৃহত চলা EDৰ অভিযান আপত্তিজনক নথি-পত্ৰও উদ্ধাৰ।কামাখ্যা দেবোত্তৰ বোৰ্ডৰ অভিযুক্ত বিষয়ববীয়া আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ স্থাৱৰ সম্পত্তি আৰু ব্যৱসায়িক কৰ্মৰ সৈতে জড়িত ভালেমান নথি-পত্ৰও জব্দ কৰে ই ডিয়ে । ইয়াৰ উপৰিও তালাচীৰ সময়ত এই লেনদেনৰ লগত জড়িত বোৰ্ডৰ সদস্য আৰু আত্মীয়ৰ নামত থকা ২৭ টাতকৈও অধিক বেংক একাউণ্টৰ কথা পোহৰলৈ আহিছে ।
ঐতিহ্যমণ্ডিত কামাখ্যা মন্দিৰত চলিল ই ডিৰ অভিযান । কামাখ্যা মন্দিৰৰ দেৱোত্তৰ ব’ৰ্ডৰ দ্বাৰা হোৱা কেলেংকাৰী সন্দৰ্ভত কামাখ্যা ধামত থকা বোৰ্ডৰ তদনীন্তন কেইবাগৰাকীও বিষয়ববীয়াৰ বাসগৃহত অভিযান চলালে ই ডিয়ে । বুধবাৰে দিনজোৰা অভিযান চলোৱাৰ পিছত বৃহস্পতিবাৰে সংবাদ মাধ্যমক এই তথ্য সদৰী কৰে ই ডিয়ে ।
বৰ্তমান বিলুপ্ত হোৱা কামাখ্যা দেবোত্তৰ বোৰ্ডৰ বিষয়ববীয়াসকলে ৭.৬২ কোটি টকা অপব্যৱহাৰ কৰাৰ অভিযোগত ই ডিয়ে এইসকল বিষয়ববীয়াৰ বাসগৃহত এই অভিযান চলায় । ২০০৩ চনৰ পৰা ২০১৯ লৈ বোৰ্ডৰ অভিযুক্ত বিষয়ববীয়াসকলে এই বিশাল ধনৰ অপব্যৱহাৰ কৰাৰ অভিযোগ আছে ।

কামাখ্যা দেৱোত্তৰ বোৰ্ডৰ কেলেংকাৰী সন্দৰ্ভত পূৰ্বৰ বোৰ্ডৰ বিষয়ববীয়া ৰিজু প্ৰসাদ শৰ্মা, প্ৰয়াত ধীৰাজ শৰ্মা, প্ৰয়াত নৱকান্ত শৰ্মাৰ বাসগৃহত ই ডিয়ে এই অভিযান চলায় । এক বিবৃতিযোগে ই ডিৰ তৰফৰ পৰা জনোৱা হৈছে যে ই ডিৰ গুৱাহাটী জ’নেল কাৰ্যালয়ে ’মা কামাখ্যা মন্দিৰ’ পৰিচালনাৰ সৈতে একালত জড়িত ‘কামাখ্যা দেবোত্তৰ ব’ৰ্ড’ৰ বিষয়ববীয়াৰ বিৰুদ্ধ ধন সৰবৰাহ প্ৰতিৰোধ আইন (পি এম এল এ), ২০০২ৰ বিধানৰ অধীনত বুধবাৰে তালাচী অভিযান চলায় ।

উল্লেখ্য যে গুৱাহাটীৰ চি আই ডিয়ে আইপিচি, ১৮৬০ৰ বিভিন্ন ধাৰাত ৰুজু কৰা গোচৰৰ ভিত্তিত ই ডিয়ে তদন্ত আৰম্ভ কৰিছিল । ই ডিয়ে সদৰী কৰা অনুসৰি ‘কামাখ্যা দেবোত্তৰ ব’ৰ্ড’ৰ বিষয়ববীয়াসকলৰ বিৰুদ্ধে অবৈধ ধন হস্তান্তৰ কৰা আৰু তেওঁলোকৰ ব্যক্তিগত লাভালাভৰ বাবে বিষয়াববীয়াসকলে নিজা মালিকানাধীন একাউণ্টলৈ প্ৰায় ৭.৬২ কোটি টকাৰ লেনদেন কৰাৰ তথ্য পোৱাৰ ভিত্তিত এই অভিযান চলোৱা হয় । মা কামাখ্যা মন্দিৰৰ ধন আত্মসাৎ কৰিবলৈ এই প্ৰাক্তন বিষয়ববীয়াসকলে বৈদ্যুতিক সামগ্ৰী, চিমেণ্ট, চাফাই কৰ্ম, ৰাসায়নিক পদাৰ্থ, মানৱ সম্পদ আৰু অন্যান্য সেৱাৰ সামগ্ৰী যোগানৰ বাবে ধনৰ লেনদেন কৰা বুলি দেখুৱাইছিল ।

পিছত এই ধন বিষয়ববীয়াসকলৰ মালিকানাধীন একাউণ্টলৈ হয় হস্তান্তৰ কৰা হৈছিল নাইবা নগদ ধনেৰে উলিয়াই লোৱা হৈছিল । বিষয়াববীয়াসকলে চাতুৰ্যতাৰে দাখিল কৰা বিলৰ মূল্য ৫০ হাজাৰ টকাৰ তলত ৰাখি একাধিক বিলৰ যোগেদি ধনৰ লেনদেন কৰিছিল । যাতে কামৰূপৰ উপায়ুক্তৰ অনুমতি অবিহনে বৃহৎ পৰিমাণৰ খৰচত বাধা থকা আদালতৰ নিৰ্দেশনা মানি চলিব পাৰে । ই ডিৰ এই অভিযানত কামাখ্যা দেবোত্তৰ ব’ৰ্ডৰ বিষয়া আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ নামত উলিওৱা ১.৮২ কোটি টকাৰ বীমা পলিচি জব্দ কৰা হয় ।