ED raids AAP Delhi MLA Amanatullah Khan : ED ৰ অভিযান আপৰ বিধায়কৰ গৃহত
নেশ্যনেল ডেস্ক, ১০অক্টোবৰ : পুনৰ ED ৰ অভিযান আপৰ বিধায়কৰ গৃহত । ধন আত্মসাৎ কৰাৰ অভিযোগ আম আদমি পাৰ্টীৰ বিধায়কৰ বিৰুদ্ধে ।
দিল্লীত আম আদমি পাৰ্টীৰ বিধায়কৰ বিৰুদ্ধে ৱাকফ ব’ৰ্ডৰ ধন আত্মসাৎ গোচৰ । মঙলবাৰে এই গোচৰৰ ভিত্তিত বিধায়কৰ বাসগৃহত ইডিয়ে অভিযান চলায় ।
উল্লেখ্য যে , মঙলবাৰে দিল্লীৰ আম আদমি পাৰ্টীৰ বিধায়ক আমানাতুল্লা খানৰ গৃহত ৱাকফ ব’ৰ্ডৰ ধন আত্মসাৎ কৰাৰ গোচৰত অভিযান চলাই । ৱাকফ ব’ৰ্ডৰ ধন আত্মসাৎ কৰাৰ গোচৰৰ তদন্ত কৰি থকা সংস্থাটোৱে বিধায়ক আমানাতুল্লা খান আৰু আন একাংশ লোকৰ বিভিন্ন সম্পত্তিত তালাচী আৰম্ভ কৰে(ED raids AAP Delhi MLA Amanatullah Khan in money-laundering probe
) ।
দিল্লীৰ শাসনত থকা আম আদমি পাৰ্টী আৰু কেন্দ্ৰৰ শাসনাধিষ্ঠিত বিজেপিৰ মাজত ৰাজনৈতিক স্থিতিৰ মাজতে কেন্দ্ৰীয় সংস্থাটোৰ এই তালাচী অভিযানে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
প্ৰাপ্ত তথ্য অনুসৰি, দুৰ্নীতি বিৰোধী ব্যুৰ’ আৰু কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ’য়ে দিল্লী ৱাকফ ব’ৰ্ডত অবৈধ নিযুক্তি সম্পৰ্কীয় দুৰ্নীতিৰ অভিযোগত আমানাতুল্লা খানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । আপৰ বিধায়কজন দিল্লী ৱাকফ ব’ৰ্ডৰ অধ্যক্ষ আৰু দক্ষিণ দিল্লীৰ ওখলা বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে । উল্লেখ্য যে ৮ মাহ পূৰ্বে, চিবিআইৰ এখন বিশেষ আদালতে ৱাকফ ব’ৰ্ডৰ নিযুক্তি গোচৰত আমানাতুল্লা খানক জামিন প্ৰদান কৰিছিল । যোৱা বছৰ ছেপ্টেম্বৰত, আমানাতুল্লা খানক দিল্লীৰ দুৰ্নীতি বিৰোধী ব্যুৰ’ৱে গ্ৰেপ্তাৰ কৰিছিল । দুৰ্নীতিৰ গোচৰত তেওঁক সোধা-পোছা কৰা হৈছিল । ইফালে আপৰ বিধায়কজনে গোচৰটো আৰু দুৰ্নীতিৰ অভিযোগ ভিত্তিহীন বুলি দাবী কৰি আহিছে(ED raids AAP MLA Amanatullah Khan premises in money laundering probe) ।
শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে তদন্তকাৰী সংস্থাবোৰক শাসনাধিষ্ঠি চৰকাৰে ৰাজনৈতিক স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে । বিশেষকৈ বিৰোধী নেতাসকলৰ বিৰুদ্ধে বিভিন্ন গোচৰ ৰুজু কৰি তদন্তকাৰী সংস্থাবোৰে চলোৱা অভিযানক লৈ উদ্বিগ্ন হৈ পৰিছে বিৰোধী দলসমূহ ।
লগতে পঢ়ক :Israel-Palestine War : ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, নিহত ৭০০ জনৰো অধিক, আহত ২,০০০