ED issues 5th summons to Kejriwal : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ ই ডিৰ জাননী

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰীত : পুনৰ ED ৰ চমন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ(ED again summons Delhi CM Arvind Kejriwal) । পুনৰ দিল্লীৰ বহু চৰ্চিত আবকাৰী নীতি দুৰ্নীতি গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চমন জাৰি কৰিছে ED য়ে। সেই অনুসৰি মুখ্যমন্ত্ৰীগৰাকী ২ ফেব্ৰুৱাৰীত হাজিৰ হ’ব লাগিব ED কাৰ্যালয়ত।
দিল্লীৰ সুৰা কেলেংকাৰী গোচৰৰ সৈতে নাম সাঙোৰ খোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক পুনৰ ED য়ে চমন জাৰি কৰিছে। ইয়াৰ পূৰ্বেও এই গোচৰৰ সন্দৰ্ভত কেজৰিৱালক এপ্ৰিল, অক্টোবৰ আৰু ডিচেম্বৰত,৩জানুৱাৰী আৰু ১৭ জানুৱাৰীত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই চমন কৰিছিল ৷ কিন্তু এই জাননী অবৈধ বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে । সেয়া বাতিল কৰাৰ দাবী কৰে আৰু ইডিৰ সন্মুখত হাজিৰ হোৱা নাছিল। কেজৰিৱালে কৈছিল যে ইডি বিজেপিয়ে চলাই আছে । লোকসভা নিৰ্বাচনৰ দুমাহ পূৰ্বে তেওঁক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে । এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ( ED issues 5th summons to CM Kejriwal for questioning in excise policy case) ।
আম আদমী পাৰ্টিৰ সূত্ৰ অনুসৰি কেজৰিৱাল বৃহস্পতিবাৰে চণ্ডীগড়লৈ যাব পাৰে । তাত মেয়ৰ নিৰ্বাচনত অনিয়ম হোৱাৰ যি অভিযোগ আম আদমী পাৰ্টিয়ে উত্থাপন কৰিছে তাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । ইয়াৰ পূৰ্বেও ইডিয়ে প্ৰেৰণ কৰা চমনৰ পিছত কেজৰিৱাল গুজৰাট আৰু গোৱাত নিৰ্বাচনী ভ্ৰমণলৈ গৈছিল ।
এইবাৰ সুৰা কেলেংকাৰীৰ অভিযোগত মুখ্যমন্ত্ৰী কেজৰিৱাললৈ ই ডিয়ে পঞ্চমবাৰৰ বাবে জাননী প্ৰেৰণ কৰিছে(ED issues 5th summons to Kejriwal)।