ED again summons Delhi CM Arvind Kejriwal : চতুৰ্থবাৰলৈ অৰবিন্দ কেজৰিৱাললৈ EDৰ চমন

নিউজ ডেস্ক, ১৩জানুৱাৰী : পুনৰ ED ৰ চমন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ(ED again summons Delhi CM Arvind Kejriwal) । পুনৰ দিল্লীৰ বহু চৰ্চিত আবকাৰী নীতি দুৰ্নীতি গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চমন জাৰি কৰিছে ED য়ে। সেই অনুসৰি মুখ্যমন্ত্ৰীগৰাকী ১৮ জানুৱাৰীত হাজিৰ হ’ব লাগিব ED কাৰ্যালয়ত(ED summons Delhi CM Arvind Kejriwal for 4th time in excise policy case)।
দিল্লীৰ সুৰা কেলেংকাৰী গোচৰৰ সৈতে নাম সাঙোৰ খোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ED য়ে চমন জাৰি কৰিছে। ইয়াৰ পূৰ্বেও এই গোচৰৰ সন্দৰ্ভত কেজৰিৱালক চলিত বৰ্ষৰ এপ্ৰিল, অক্টোবৰ আৰু ডিচেম্বৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই চমন কৰিছিল(Arvind Kejriwal summoned for fourth time in Delhi liquor policy case) ৷ কিন্তু এই জাননী অবৈধ বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু সেয়া বাতিল কৰাৰ দাবী কৰে আৰু ইডিৰ সন্মুখত হাজিৰ হোৱা নাছিল।
পুনৰ শনিবাৰে চতুৰ্থবাৰৰ বাবে ইডিয়ে কেজৰিৱাললৈ চমন জাৰি কৰিছে আৰু ১৮ জানুৱাৰীত পুনৰ হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে।
উল্লেখ্য যে, বিগত ৩ জানুৱাৰীত এই গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰীক তৃতীয়খন চমন জাৰি কৰি তলব কৰিছিল ইডিয়ে। সেই চমনক বে আইনী আখ্যা দি কেজৰিৱালে ই ডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পৰা বিৰত আছিল। আম আদমি পাৰ্টীৰ ফালৰ পৰা জনোৱা হৈছিল কেৱল অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ উদ্দশ্যৰে তেওঁক এইধৰণে তলব কৰা হৈছে।সেয়ে কেজৰিৱাল ই ডিৰ কাৰ্যালয়ত উপস্থিত হোৱা নাই(ED summons Delhi CM Arvind Kejriwal again on January 18)।
পূৰ্বৰ তিনিখন চমন কোনো সহাৰি নিদিলে কেজৰিৱালে। কিন্তু এতিয়া চতুৰ্থখন চমনৰ ওপৰত কেজৰিৱালে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়।
লগতে পঢ়ক : I.N.D.I.A bloc leaders to hold virtual meeting on today : আজি অনুষ্ঠিত হ’ব ইণ্ডিয়া গোটৰ ভাৰ্ছুৱেল বৈঠক