Heart healthy Food: হৃদযন্ত্ৰ সুস্থ ৰাখিবলৈ নিয়মীয়াকৈ খাওক এইবোৰ খাদ্য

২৬ জানুৱাৰী ২০২৫,ৱেব ডেস্ক :বৰ্তমান সময়ত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পোৱা দেখা গৈছে। সেউজীয়া শাক-পাচলি- নাইট্ৰেট আৰু পটাছিয়াম সমৃদ্ধ পালেং শাক, আদি সেউজীয়া শাক-পাচলিৰ সেৱন ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি প্ৰতি বছৰে লাখ লাখ লোকৰ হৃদৰোগত মৃত্যু হয়। কিন্তু সঠিক খাদ্যাভ্যাসৰ জৰিয়তে এই ৰোগৰ পৰা আমি কিছু পৰিমাণে বাছি চলিব পাৰো। চিকিৎসা বিজ্ঞানীসকলৰ মতে, তলত উল্লেখ কৰা খাদ্যসমূহ নিয়মীয়াকৈ সেৱন কৰিলে হৃদযন্ত্ৰ সুস্থ থাকে।
ৱালনাট বা বাদাম- ওমেগা-৩, ফাইবাৰ আৰু ভিটামিন-ই সমৃদ্ধ এই শুকান ফলসমূহে কোলেষ্টেৰ’ল হ্ৰাস কৰে। প্ৰতিদিনে কম পৰিমাণে ৱালনাট বা বাদাম সেৱন কৰিব পাৰে।
সেউজীয়া শাক-পাচলি-নাইট্ৰেট আৰু পটাছিয়াম সমৃদ্ধ পালেং শাক, আদি সেউজীয়া শাক-পাচলিৰ সেৱন ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। দৈনিক কম পৰিমাণে কেঁচা বা ৰন্ধা শাক খাব লাগে। ব্লুবেৰী, ষ্ট্ৰবেৰী আৰু ৰাস্পবেৰীত থকা এণ্থোচায়ানিনে হৃদৰোগৰ আশংকা হ্ৰাস কৰে।

ডালিম- এণ্টিঅক্সিডেণ্ট সমৃদ্ধ ডালিমে ধমনীৰ দেৱাল সুৰক্ষিত কৰি ৰাখে আৰু তেজৰ সঞ্চালন উন্নত কৰে।
এভোকাডো-হৃদযন্ত্ৰৰ বাবে উপকাৰী চৰ্বি আৰু পটাছিয়াম থকা এভোকাডোৱে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। নিয়মিত কম পৰিমাণে এভোকাডো সেৱন কৰাৰ ফলত হৃদৰোগৰ সম্ভাবনা কমি যায়।