মিজোৰামত ভূমিকম্পৰ জোকাৰণি
 
				নিউজ ডেস্ক, ২০ জুলাই : বুধবাৰে ভাৰতৰ উত্তৰ-পূবত অৱস্থিত মিজোৰামক ৰিখটাৰ স্কেলত ৪.৩ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায়।
National Center for Seismology (NCS) এ জনোৱা অনুসৰি পুৱতি নিশা প্ৰায় ৩.০৮ বজাত কম্পন অনুভৱ কৰা হৈছিল।
ভূমিকম্পৰ উৎপত্তিস্থল, মিজোৰামৰ চম্ফাইৰ পৰা প্ৰায় ১১৯ কিলোমিটাৰ পূবত প্ৰায় ১৩০ কিলোমিটাৰ গভীৰতাত বুলি জানিব পৰা গৈছে।
টুইটাৰৰ জৰিয়তে NCSএ লিখিছে, ” ৪.৩ প্ৰাবল্যৰ ভূমিকম্প,: ২০-০৭-২০২২, ০৩:০৮:১৫ ভাৰতীয় সময়মতে, লাট: ২৩.৫৭ আৰু দীঘল: ৯৪.৪৯, গভীৰতা: ১৩০ কিমি, অৱস্থান: ১১৯ কিমি মিজোৰামৰ E of Champhai, ভাৰত।”
 
						 
			