Local, Vocal, Global

EAM Jaishankar discusses UNSC reforms, global issues with New Zealand counterpart : নিউজিলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী উইন্সটন পিটাৰ্ছৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বৈঠক

নেশ্যনেল ডেস্ক, ১৩ মাৰ্চ : মঙলবাৰে নিউজিলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী উইন্সটন পিটাৰ্ছৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বৈঠকৰ মিলিত হয় । এই বৈঠকত কমনৱেলথ আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ সহযোগিতাৰ বিষয়ে আলোচনা কৰে।”

জয়শংকৰে এক্সৰ এক পোষ্ট কৰি লিখে , আজি সন্ধিয়া নিউজীলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী উইনষ্টন পিটাৰ্ছৰ সৈতে উষ্ণ আৰু গঠনমূলক বৈঠক অনুষ্ঠিত হয় । আমাৰ ৰাজনৈতিক, বাণিজ্য আৰু অৰ্থনৈতিক, নিৰাপত্তা, সংযোগ, গতিশীলতা, শিক্ষা আৰু মানুহৰ সৈতে মানুহৰ সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰত সন্মত হয়(EAM Jaishankar discusses UNSC reforms, global issues with New Zealand counterpart) ।”

তেওঁ লগতে কয়, “নিউজিলেণ্ডে @isolaralliance ত যোগদান কৰাত আদৰণি জনাইছো। কমনৱেলথ আৰু ইউএনএছচি সংস্কাৰৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰিলোঁ। ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু বিশ্বজনীন বিষয়সমূহৰ ওপৰত ভাগ-বতৰা কৰা দৃষ্টিভংগী।”

উল্লেখ্য যে, নিউজিলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী উইন্সটন পিটাৰ্ছৰ ১১মাৰ্চ, সোমবাৰে সন্ধিয়া নতুন দিল্লীত উপস্থিত হয় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ আমন্ত্ৰণত তেওঁ ভাৰতলৈ আনুষ্ঠানিক ভ্ৰমণলৈ আহিছে(EAM Jaishankar discusses UNSC reforms, global issues with New Zealand counterpart)।

২০২৩ চনৰ নৱেম্বৰত নিউজীলেণ্ডৰ নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিচত উইনষ্টন পিটাৰ্ছ তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণলৈ আহিছে । তেওঁ ইয়াৰ পূৰ্বে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰত ভ্ৰমণ কৰিছিল । উইনষ্টন পিটাৰ্ছ দেওবাৰে নিশা গুজৰাটৰ আহমেদাবাদত উপস্থিত হয় । সোমবাৰে তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ সৈতে সাক্ষাৎ কৰে ।

লগতে পঢ়ক : Union Defence Minister Rajnath Singh to visit Assam tomorrow : কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং