Local, Vocal, Global

Durga Puja 2024:৩০ ছেপ্টেম্বৰৰ ভিতৰত সকলো শ্ৰেণীৰ যান-বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি ৰাজপথত পথ-সুৰক্ষা নিশ্চিত কৰাৰ আহ্বান পৰিবহণ বিভাগৰ

নিউজ ডেস্ক,৩০ছেপ্টেম্বৰ : শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দুৰ্গোৎসৱৰ ব্য়াপক প্ৰস্তুতি । আগন্তুক দুৰ্গাপূজাৰ প্ৰাকক্ষণত ৰাজ্যৰ ৰাজপথত পথ-সুৰক্ষা নিশ্চিত কৰাৰ আহ্বান পৰিবহণ বিভাগৰ । ৩০ ছেপ্টেম্বৰৰ ভিতৰত সকলো শ্ৰেণীৰ যান-বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি ৰাজ্যৰ ৰাজপথত পথ-সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনাই পৰিবহণ বিভাগে(Durga Puja 2024) ।

এক প্ৰেছ বিবৃতিৰ জৰিয়তে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে কয় যে, দুৰ্গোৎসৱৰ দৰে দেশৰ বৃহৎ উৎসৱকালীন সময়চোৱাত কোনো পথ-দুৰ্ঘটনাই যাতে উৎসৱৰ আনন্দ ম্লান কৰিব নোৱাৰে, বৰঞ্চ পথত সকলোৱে যাতে সুৰক্ষিতভাৱে যাতায়াত কৰিব পাৰে তাৰবাবে বিভিন্ন বিভাগসমূহৰ সহযোগত পথ-সুৰক্ষা বজাই ৰাখিবলৈ পৰিবহণ বিভাগে প্ৰচেষ্টা চলাইছে । ব্যক্তিগত বাহনকে ধৰি বিশেষকৈ বাণিজ্যিক তথা বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণ সংস্থা আদিত ব্যৱহৃত সঠিক নথি-পত্ৰ নোহোৱা কোনো বাহনে যাতে পথ-সুৰক্ষা বিনষ্ট কৰিব নোৱাৰে তাৰ বাবে সতৰ্ক দৃষ্টি ৰাখিছে পৰিবহণ বিভাগে ।

এইক্ষেত্ৰত পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী পৰিবহণ বিষয়া গৰাকীয়ে অতি বিনম্ৰতাৰে আহ্বান জনায় কয় যে, বাহনৰ গৰাকীয়ে অনতিপলমে নিজৰ ঘৰতে বহিয়ে অনলাইনযোগে বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি লওক, প্ৰয়োজন হ’লে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ আহি হ’লেও নিজৰ বাহনখন পথত চলাচলৰ বাবে বৈধ কৰি ৰখাৰ স্বাৰ্থত যান-বাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰ পৰিশোধ কৰি লওক ।

চালকৰ বাহন চালনাৰ অনুজ্ঞাপত্ৰকে ধৰি সকলো নথিপত্ৰ সঠিক হৈ থকা বাহনহে পথত সকলোৰে বাবে সুৰক্ষিত বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক : Northeast Frontier Railway to operate 26 festival special trains : উৎসৱৰ বতৰত প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই আগবঢ়াইছে ২৬ খন বিশেষ ৰে’লৰ সুবিধা