Local, Vocal, Global

Dumper crashed into residence House in North Guwahati : উত্তৰ গুৱাহাটীত ডাম্পাৰ চালকৰ দৌৰাত্ম্য;শোৱনি কোঠাত সোমাল দ্ৰুতবেগী ডাম্পাৰ

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে(Road Accident)।

ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক । ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে(Dumper crashed into residence House in North Guwahati ) ।

এইবাৰ উত্তৰ গুৱাহাটীত ডাম্পাৰ চালকৰ দৌৰাত্ম্য । শনিবাৰে পুৱতি নিশা এখন দ্ৰুতবেগী ডাম্পাৰে এঘৰ মানুহৰ শোৱনি কোঠাত সোমায় যায় । দ্ৰুতবেগী ডাম্পাৰখনে পিতাম্বৰ শৰ্মা নামৰ লোকজনৰ বাসগৃহত সোমাই যাই(Dumper crashed into residence House in north guwahati )

জানিব পৰা মতে উত্তৰ গুৱাহাটীৰ শিলসাঁকোত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । জানিব পৰা মতে, ডাম্পাৰে প্ৰথমে বৈদ্যুতিক খুঁটাত খুন্দা মাৰে। সেই বৈদ্যুতিক খুঁটা মহতিয়াই ডাম্পাৰখনে বাসগৃহটোত খুন্দা মাৰে। এই দুৰ্ঘটনাৰ পিছতে বাসগৃহত পৰিয়ালটো আৱদ্ধ হৈ পৰে। অৱশ্যে দুৰ্ঘটনাত পিতাম্বৰ শৰ্মাৰ পৰিয়ালটোৰ কথমপি প্ৰাণ ৰক্ষা পৰে। দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। এনে ঘটনাই অঞ্চলবাসীৰ মনত এতিয়া ভয়ৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক : Manipur Violence: অগ্নিগৰ্ভা মণিপুৰত দুৰ্বৃত্তৰ অগ্নিসংযোগ; নিহত এজন, আহত দুজন