Local, Vocal, Global

Watch | Dumduma news: পেঙেৰীৰ ব্ৰহ্মাজানত শিক্ষাগুৰুৰ দ্বাৰা যৌন নিৰ্যাতনৰ বলি ছাত্ৰী

ডুমডুমা: শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিক কালিমা সানিলে এজন প্ৰধান শিক্ষকে। পেঙেৰীৰ ব্ৰহ্মজান মধ্য ইংৰাজী এম ই স্কুলৰ প্ৰধান শিক্ষক টংক নেয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ এগৰাকী সপ্তম মান শ্ৰেণীৰ ছাত্ৰীৰ। বৃহস্পতি বাৰৰ দিনা বিদ্যালয় চলি থকাৰ মাজতে প্ৰধান শিক্ষকে নিজৰ কাৰ্যালয়লৈ মাতি আনি ছাত্ৰী গৰাকীৰে ওপৰত অপকৰ্ম লগতে যৌন নিৰ্যাতনৰ চলোৱা অভিযোগত আজি বিদ্যালয় চৌহদত ছাত্ৰী গৰাকীৰ অভিভাৱকৰ লগতে স্থানীয় ৰাইজে প্ৰধান শিক্ষক টংক নেৱাৰক আৱদ্ধ কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

অভিযোগ অনুসৰি, পূৰ্বতেও বহু ছাত্ৰীৰ ওপৰত এনেদৰে অপকৰ্ম কৰি আহিছে এই গৰাকী প্ৰধান শিক্ষকে।পিছত পেঙেৰীৰ আৰক্ষীৰ উপস্থিত হৈ শিক্ষক জনক আটক কৰি থানালৈ লৈ আহে। শিক্ষক গৰাকীৰে ওপৰত উচিত শাস্তিৰে দাবী স্থানীয় ৰাইজৰ। এখন বিদ্যালয়ৰ শিক্ষাগুৰুৰ কাণ্ডই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ পেঙৰী ব্ৰহ্মাজান জান অঞ্চলত।

দৈনন্দিন পাঠদানৰ সময়ত কিশোৰী ছাত্ৰীক বিদ্যাৰ্থী সকলক গোপন অংগত চল চাতুৰীৰে স্পৰ্শ কৰাৰ অভিযোগ বিদ্যাৰ্থীৰ । কেইবা শতাধিক ৰাইজৰ সতে অৱিভাৱকসকল লম্পট তথা কু-চৰিত্ৰবান শিক্ষক টংক প্ৰসাদ নেৱাৰক ফাঁচিৰ দাবীত প্ৰতিবাদ মুখি হৈ পৰে ৰাইজ।

উক্ত বিদ্যালয় খনত আৰক্ষী প্ৰশাসনৰ দল উপস্থিত হয় প্ৰধান শিক্ষক টংক প্ৰসাদক নেৱাৰক গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে পৰিয়ালৰ লোকে লম্পট শিক্ষক জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। স্থানীয় দল সংগঠন, আছু, AJYCP, সদৌ মৰাণ ছাত্ৰ সন্থা, AATSA, লগতে স্থানীয় সংগঠনে তদন্ত কৰি উচিত শাস্তি দিবলৈ দাবী কৰিছে বৰডুমচা পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু সদৌ মৰাণ ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা-পেঙেৰী আঞ্চলিক সমিতিয়ে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত কথা চিন্তা কৰি নতুন শিক্ষক নিযুক্তি নিদিয়া পৰ্যন্ত বিনামূলীয়া পাঠদান প্ৰদান কৰিব বুলি জানিব দিয়ে।

লগতে পঢ়ক: Watch | Gourov Gogoi:’৬ মে’ত বিদেশী খেদিম বুলি কোৱা চৰকাৰে কিমানজন বিদেশী খেদিলে’?