WATCH | Duliajan News: দুলীয়াজানৰ নগাজানত তৈলখাদত ভয়ংকৰ বিস্ফোৰণ
দুলীয়াজান,৯মাৰ্চ : দুলীয়াজানৰ নগাজানত তৈলখাদত ভয়ংকৰ বিস্ফোৰণ।
অইল ইণ্ডিয়া লিমিটেডৰ ৩০৯ নং তৈলখাদত হঠাৎ অহৰহ গেছ নিৰ্গত হৈ চৌপাশে বিয়পি পৰে।
কথমপি ৰক্ষা পৰিল দুখনকৈ গাঁৱৰ ৰাইজ(Duliajan News)।
অইল ইণ্ডিয়াৰ গাফিলটিৰ বাবে এনেকুৱা ধৰণৰ কাণ্ড সংঘটিত হোৱা অভিযোগ স্থানীয় ৰাইজৰ।
ইতিমধ্যে উক্ত স্থানত অইল ইণ্ডিয়া লিমিটেডৰ বিভাগীয় কৰ্তৃপক্ষই উপস্থিত হৈ ঘণ্টা যোৰা প্ৰচেষ্টাৰ অন্তত নিৰ্গত হোৱা গেছ বন্ধ কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক :WATCH | Duplicate EPIC : আপোনাৰ ভোটাৰ কার্ডখন ভুৱা নেকি?