Local, Vocal, Global

WATCH | Duliajan News : দুলীয়াজানৰ বৰকোলাত চাঞ্চল্যকৰ ডকাইতি

দুলীয়াজান,৫মাৰ্চ : দুলীয়াজানৰ বৰকোলাত চাঞ্চল্যকৰ ডকাইতি। হিৰণ্য চুতীয়া নামৰ লোকজনৰ বাসগৃহত ডকাইতি। গৃহস্থৰ হাত-ভৰি বান্ধি ডকাইতে লুটিলে সামগ্ৰী। সোণৰ আ-অলংকাৰৰ লগতে নগদ ১ লাখ টকা লুট।

মঙলবাৰে দুপৰীয়া দুজন অচিনাক্ত লোক ঘৰত প্ৰৱেশ কৰি লোকজনৰ ঘৰৰ পৰা নগদ এক লাখ টকা আৰু সোণৰ গহণা লুট কৰি নিয়া বুলি জানিব পৰা গৈছে(Duliajan News)।

ঘটনাস্থলীত দুলীয়াজান আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ৰহস্যজনক যে সেই সময়ত ঘৰখনত আন সদস্য সকলো আছিল বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : WATCH | Sualkuchi News : ৰাজপথত আগে আগে বিলাসী বাহন, পিছে পিছে কেইবাখনো দুচকীয়া বাহন