Local, Vocal, Global

WATCH | Duliajan News : এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে মহিলা

দুলীয়াজান,৪মাৰ্চ : এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে মহিলা । একাংশ মহিলাই যেন নামি পৰিছে অপৰাধৰ জগতত।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে । ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে আৰক্ষীয়ে । অৱশ্যে ইয়াৰ মাজতে ড্ৰাগছ ব্যৱসায়ীয়ে কৌশল সলনি কৰিছে । কিন্তু কৌশল সলালেও আৰক্ষীৰ হাতৰ পৰা সাৰি যোৱা নাই ড্ৰাগছ সৰবৰাহকাৰী(Duliajan News)।

এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহত নামিছে একাংশ মহিলা । একাংশ মহিলাই এতিয়াই বিভিন্ন প্ৰান্তত ড্ৰাগছ বিক্ৰী কৰি ধ্বংসৰ গৰাহলৈ ঠেলি দিছে যুৱ প্ৰজন্মক । আৰক্ষীয়ে যিমান সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই নতুন নতুন কৌশল অৱলম্বন কৰি আছে ড্ৰাগছৰ সৰবৰাহ । কিন্তু তাৰ মাজতে আৰক্ষীয়ে অব্য়াহত ৰাখিছে অভিযান ।

বৰডুবিত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান আজি বৰডুবিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা গগৈ ফেমেলি ৰেষ্টুৰেণ্ট এণ্ড ধাবা সমীপৰ পৰা বৰডুবি আৰক্ষীয়ে ড্ৰাগছসহ এগৰাকী মহিলাসহ ২জন ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ সক্ষম হয় ৷

এক গোপন সূত্ৰৰ ভিত্তিত বৰডুবি আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া শংকৰ জ্যোতি বৰুৱাৰ তত্বাৱধানত এটা আৰক্ষীৰ দলে অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা প্ৰায় ১২০.৩৯ গ্ৰাম সন্দেহজনক নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ড্ৰাগছসহ ২জন যুৱকসহ এইগৰাকী মহিলাক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । তিনিচুকীয়া সদৰ আৰক্ষী ,বৰডুবি আৰক্ষী আৰু হিজুগুৰি আৰক্ষীৰ যৌথ প্ৰচেষ্টাত এই অভিযান চলোৱা হৈছিল । । ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে পানীতোলা বৰুৱাহোলাৰ নিবাসী প্ৰণৱজ্যোতি শইকীয়া , খোচি শইকীয়া, বৰডুবি ধৰিয়াৰাইটোক মাধুৰ্য বড়া । আৰক্ষীয়ে ২খন কৈ স্কুটি, এখন নম্বৰ বিহীন এনটৰ্ক আৰু tvs গৰ্জীয়া AS06 AF 3354 numbar জব্দ কৰি থানা লৈ যায় লগতে কৰায়ুত্ত কৰা এগৰাকী মহিলা সহ 2জন যুৱক বৰডুবি আৰক্ষীয়ে জিমাত লয় ।

লগতে পঢ়ক :WATCH | Sonapur News : সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থাৰ কৰ্মবিৰতি