Local, Vocal, Global

Watch | Duliajan messive fire: দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

দুলীয়াজান : দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড । কেইবাখনো ব্যৱসায়ী প্ৰতিষ্ঠানৰ লগতে এটা বাসগৃহত অগ্নিকাণ্ডৰ সুত্ৰপাত। এইপৰ্যন্ত তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ। ঘটনাস্থলীত অইলৰ দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে। অন্য বাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানলৈ জুই বিয়পি যোৱাত আশংকাত ৰাইজ আতংকিত হৈ পৰিছে । দুলীয়াজানৰ হুকুটা চাৰিআলিৰ ছোৱালী মহাবিদ্যালয়ৰ সমীপত এই ঘটনা সংঘটিত হৈছে ।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত এটি শিশু শুই থকা অৱস্থাত ৰাইজে উদ্ধাৰ কৰে। চিলিণ্ডাৰ বিস্ফোৰণৰ সময়ত দুজনকৈ অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ জোৱান আহত। আহত জোৱান দুজন ক্ৰমে সুজিৎ তামুলী আৰু আচিক চুতীয়া বুলি জানিবপৰা গৈছে। শৰৎ বৰুৱা নিজা বাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান,ৰোহিনী দত্ত আৰু নিৰঞ্জন ভৰালীৰ প্ৰায় দহ খন ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জুইত জাহ যায় । এইপৰ্যন্ত অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। ঘটনাস্থলীত উপস্থিত বিধায়ক তেৰচ গোৱালা ।

লগকে পঢ়ক : Watch | Jorhat news: যোৰহাটৰ পৰা গ্ৰেপ্তাৰ ভুৱা ডাক্তৰ চেম্বাৰ খুলি বছৰ বছৰ চিকিৎসা কৰি অহা দুই ভুৱা চিকিৎসক