Local, Vocal, Global

Dry days in Delhi for Lok Sabha polls : দিল্লীত নিৰ্বাচনৰ বাবে ড্ৰাই ডে’ ঘোষণা

নেশ্যনেল ডেস্ক,৭এপ্ৰিল : লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত ড্ৰাই ডে’ ঘোষণা ।

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেশত নিৰাপত্তা ব্যৱস্থা কটকটিয়া কৰি তুলো হৈছে । দিল্লীত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ড্ৰাই ডে’ ঘোষণা ।

ৰাজধানী চহৰ দিল্লীত নিষিদ্ধ ঘোষণা কৰা হৈছে সকলো ধৰণৰ দেশী আৰু বিদেশী সুৰা, নিচাযুক্ত সামগ্ৰীৰ বিক্ৰী আৰু সৰবৰাহ(Dry days in Delhi for Lok Sabha polls) ।

উল্লেখযোগ্য যে, মুঠ ৭ টা পৰ্যায়ত অনুষ্ঠিত হব লোকসভা নিৰ্বাচন। ১৯ এপ্ৰিলত হব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ২৬ এপ্ৰিলত। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৭ মে’, চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ ১৩ মে’, পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ ২০ মে’, ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ ২৬ মে’ আৰু সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ১ জুনত। ৪ জুনত ভোটগণনা অনুষ্ঠিত হ’ব(Delhi govt issues order on dry days from April – June )।

লগতে পঢ়ক : wild elephant attack in boko : বকোত বন্যহস্তীৰ আক্ৰমণত নিহত এজন