Local, Vocal, Global

‘Dry Day’ Declared in Bajali District of Lok Sabha Elections : তৃতীয় পর্যায়ত লোকসভা নির্বাচন বাবে বজালীত ড্রাই ডে’ ঘোষণা

নিউজ ডেস্ক, ২মে’ : তৃতীয় পর্যায়ত লোকসভা নির্বাচন বাবে বজালীত ড্রাই ডে’ ঘোষণা । ৫ মে’ সন্ধিয়া ৫বজাৰ পৰা ৭ মে’ৰ সন্ধিয়া ৫বজালৈ ৪৮ ঘণ্টাৰ বাবে ড্রাই ডে’ ঘোষণা ।

উল্লেখ্য যে অহা ৭ মে’,ত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে বজালী জিলাত বজালীৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া মৃদুল কুমাৰ দাসে ড্ৰাই ডে’ ঘোষণা কৰিছে।

জিলা আয়ুক্ত স্বাক্ষৰিত নিৰ্দ্দেশনাটোত কোৱা হৈছে যে ৫ মে’ সন্ধিয়া ৫বজাৰ পৰা ৭ মে’ৰ সন্ধিয়া ৫বজালৈ ৪৮ ঘণ্টাৰ বাবে বজালীত ড্ৰাই ডে’ ঘোষণা কৰা হৈছে। উল্লেখিত সময়ছোৱাত সকলো ধৰণৰ সুৰা বিক্ৰীৰ বিপনী বন্ধ ৰাখিব লাগিব বুলি নিৰ্দ্দেশনাটোত কোৱা হৈছে(‘Dry Day’ Declared in Darrang District of Lok Sabha Elections)।

লগতে পঢ়ক : Land centric clash : চাঞ্চল্যকৰ হত্যাকাণ্ড; খালত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ