সুৰাসক্ত যুৱকৰ গুণ্ডাগিৰি! আৰক্ষীক ভাবুকি

নিউজ ডেস্ক, ৭ মে’-মহানগৰীৰ বিলাসী বাৰত যুৱকৰ গুণ্ডাগিৰি। ডাউনটাউনস্থিত ‘Nuts and brew’ বাৰৰ ভিতৰত উদ্ভণ্ডালি সুৰাসক্ত ৪ যুৱকৰ দলৰ। বাৰ কৰ্তৃপক্ষৰ অভিযোগৰ ভিত্তিত পিছত আৰক্ষীয়ে আটক কৰে দলটোক ।
আটকধীন যুৱক কেইজনৰ নাম জনক কুমাৰ পাঠক (কাহিলীপাৰা),আচিক ৰহমান (ডাউন টাউন), কৃষানু ভৰদ্বাজ (অম্বিকাগিৰি নগৰ),বিশ্বজিৎ দলে (কাহিলীপাৰা)।
নিশা ২.৩০ বজালৈকে খোলা আছিল বাৰখন। এই ঘটনা জানিব পাৰি সাংবাদিক ঘটনাস্থলীত উপস্থিত হোৱাত ততাতৈয়াকৈ বন্ধ কৰে বাৰখন। আনকি দিছপুৰ আৰক্ষীয়েও ঘটনাটোক গাপ দিয়াৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে।
যুৱককেইজনক বাৰখনৰ পৰা উঠাই আনি নিশা দিছপুৰ থানাতে ৰাখে। আৰক্ষীকো ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে যুৱকৰ দলটোৰ বিৰুদ্ধে। ধৃত যুৱককেইজনক পুৱতি নিশা স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হয় ।
এই ঘটনাৰ সন্দৰ্ভত এই পৰ্যন্ত মুখ খোলা নাই বাৰ কৰ্তৃপক্ষই।
যুৱক কেইজন আটক হোৱাৰ পিছতে দিছপুৰ থানালৈ আগমন একাংশ ৰহস্যময় যুৱক-যুৱতীৰ। কিন্তু সাংবাদিকৰ কেমেৰা দেখি নিমিষতে নাইকীয়া হয় দলটো।