Drunk Police in Tezpur : সুৰাৰ ৰাগীত মাতাল খাকী পেণ্টা পৰিহিত আৰক্ষী জোৱান
নিউজ ডেস্ক, ১৫অক্টোবৰ : আনন্দত মতলীয়া, কোনোমতে থিয় দিছে। সুৰাপায়ীয়ে যিমান কৰ দিছে আপুনিও হয়তো দিব পৰা নাই৷ সেয়ে এজন আৰক্ষীয়েও হয়তু ভাবিলে কৰ্তব্যৰ দ্বাৰা আৰু কিমান দেশৰ সেৱা কৰিম এইবাৰৰ সুৰাৰেও অলপ সেৱা আগবঢ়াও৷ পূজাৰ বতৰ সেয়ে কৰো অলপ বেছিকৈ দিয়াৰ যত্ন আৰু তাৰপাছত ভৰিত জেলেপীৰ পাক(Drunk Police in Tezpur)।
সুৰাৰ ৰাগীত মাতাল এজন আৰক্ষী জোৱান । সুৰা খাই মতলীয়া খাকী পেণ্টা পৰিহিত আৰক্ষী জোৱান । কাৰণ পূজা লাগিছে আৰক্ষী জোৱানৰ গাত। গতিকে বেচেৰাই এটুপি ভালকৈয়ে দিলে ,সেয়ে হাতত সুৰাৰ বটল লৈ ৰাজপথত এনে আচৰণ ।
কেৱল ইমানেই নহয়, হাতত সুৰাৰ বটল লৈ প্ৰথমে এখন গাড়ীৰ সহায়ত কোনোমতে আশ্ৰয় লৈছিল কিন্ত তাৰ পাছত ৰাজপথতেই ঢলি পৰিল । তেজপুৰ সদৰ আৰক্ষী থানাৰ নাতিদূৰৈত এখন সুৰাৰ বিপনীৰ কাষত এইদৰেই শনিবাৰে সন্ধিয়াতে মাতাল হৈ পৰে এখেত । সুৰাৰ ৰাগীত কি কৰিছে নিজেই নাজানে । অৱশেষত খবৰ দিয়াত আৰক্ষী আহি উপস্থিত হল কিন্ত তেওঁ ৰাজপথ এৰি যাবলৈ মন নাই । যাবইবা কিয়? কৰ দিছে চৰকাৰক তাতে আকৌ খাকী পোচাকৰ দম্ভালি আছেই৷
কিন্তু কি হ’ব উপায়ো নাই আৰক্ষীয়েতো আঁতৰাই নিবই লাগিব । অৱশেষত আৰক্ষীয়ে তেওঁক দাঙি এখন ই ৰিক্সাত বহুৱাই এই স্থানৰ পৰা আঁতৰাই নিলে ।
এইসকলেই পূজাৰ বতৰত আমাক সুৰক্ষা দিব৷ তালাচি কৰিব, মুখত পাইপ ভৰাব৷