Local, Vocal, Global

Road Accident at Zoo Road Flyover : গ্ৰেপ্তাৰ নৱ নিৰ্মিত জুৰোড উৰণসেতুৰ পথ দুৰ্ঘটনাৰ লগত জড়িত বাহনৰ চালক

নিউজ ডেস্ক, ২১অক্টোবৰ : গ্ৰেপ্তাৰ কৰা হ’ল নৱ নিৰ্মিত জুৰোড উৰণসেতুত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ লগত জড়িত বাহনৰ চালক । শনিবাৰে আটক কৰে হিমাচল প্ৰদেশৰ নিবাসী কুলদীপ পৰাছাৰ নামৰ লোকজনক (Road Accident at Zoo Road Flyover)।

উল্লেখ্য যে শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উল্লাহৰ মাজতে শুকুৰবাৰে নিশা মহানগৰীত সংঘটিত হৈছিল এক ভংকৰ দুৰ্ঘটনা।

নৱ নিৰ্মিত জুৰোড উৰণসেতুত সংঘটিত হৈছিল এই ভয়ংকৰ পথ দুৰ্ঘটনাটো (Drunk driver rams vehicle into railing of new Zoo Road Flyover in Guwahati) ।

জুৰোডৰ নৱ নিৰ্মিত উৰণ সেতুখনৰ গীতানগৰ দিশৰ পৰা অহা অংশই মূল উৰণসেতুখনৰ যি স্থানত সংযোগ কৰিছে সেই সংযোগস্থলীতে নিৰ্মাণ কৰা হৈছে এটা সুন্দৰ স্মাৰক। অসমৰ মানচিত্ৰ আৰু ঐতিহ্যবহনকাৰী এই স্মাৰকটোতে শুকুৰবাৰে নিশা প্ৰচণ্ড বেগেৰে অহা এখন বাহনে খুন্দা মাৰে। ফলত বাহনখনৰ লগতে স্মৰাকটোৰ যথেষ্ট ক্ষতি হয়। স্মৰাকটোৰ সৈতে স্থাপন কৰা ক্ষুদ্ৰ উদ্যানখনৰ ৰেলিঙ আৰু পকী অংশৰো ক্ষতি হয়(
Intoxicated Driver Arrested After Speeding Car Rams Into Assam Map Structure Atop Shraddhanjali Flyover) ।

জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত এই বাহনখন চানমাৰি দিশৰ পৰা তীব্ৰ বেগেৰে আহি আছিল আৰু সেই সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো । এই দুৰ্ঘটনাৰ পাছতে আৰক্ষীয়ে আটক কৰে চালকগৰাকীক।

আৰক্ষীৰ ভাষ্য অনুসৰি সুৰাপান কৰি আহিছিল চালকগৰাকীয়ে। গ্ৰেপ্তাৰ কৰা চালকগৰাকীৰ ঘৰ হিমাচল প্ৰদেশত বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে বাহনখনৰ চালকৰ লগতে আন এজন আৰোহীকো গ্ৰেপ্তাৰ কৰে। এই দুৰ্ঘটনাটোৰ ফলত এগৰাকী গৃহৰক্ষী জোৱানসহ আন এজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :Firing in Jaipur Express: RPF জোৱানৰ বিৰুদ্ধে অভিযোগনামা দাখিল