Local, Vocal, Global

Drugs worth Rs 8 crore seized : কৰিমগঞ্জত জব্দ ৮ কোটি টকাৰ ড্ৰাগছ;আটক ৪ টা সৰবৰাহকাৰী

নিউজ ডেস্ক, ১৪ অক্টোবৰ: ৰাজ্যত দুৰ্গোৎসৱ উছাহৰ মাজেত কৰিমগঞ্জত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰীৰ ৷ দেওবাৰে নিশা আৰক্ষীৰ এক অভিযানত জব্দ কৰে নিচাজাতীয় সামগ্ৰীখিনি(Drugs worth Rs 8 crore seized)।

আৰক্ষীয়ে লাভ কৰা এক খবৰ ভিত্তিত কৰিমগঞ্জৰ বদৰপুৰত কৰিমগঞ্জ আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত ড্ৰাগছসহ জালত পৰিছে এটা সৰবৰাহকাৰী চক্ৰ ৷ দেওবাৰে হঠাৎ এজন আৰক্ষী বিষয়ালৈ আহিছিল এটা ফোনকল । ফোনত খবৰ দিলে যে ড্ৰাগছ সৰবৰাহকাৰীৰ এটা দলে বহু কোটি টকাৰ ড্ৰাগছ লৈ আহি আছে । লগে লগে সষ্টম হৈ পৰিল সকলো । MZ 01D 7755 নম্বৰৰ এখন Maruti Wagon-R বাহনৰ ওপৰত নজৰ আছিল আৰক্ষীৰ । যথাসময়ত আহি আৰক্ষীৰ সন্মুখত ৰ’লহি গাড়ীখন । তালাচীৰ সময়তে গাড়ী এৰি পলায়নৰ চেষ্টা কৰে ড্ৰাগছ সৰবৰাহকাৰীকেইটাই(8cr heroin seized in Karimganj, 4 smugglers detained) ।

আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰিলে ৪ টা সৰবৰাহকাৰীক । গাড়ীখনত তালাচী চলাওঁতে জব্দ হ’ল প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ । মিজোৰামৰ পৰা ড্ৰাগছখিনি কৰিমগঞ্জলৈ আনিছিল সৰবৰাহকাৰীকেইটাই । বদৰপুৰৰ বৰাক ভেলী চিমেণ্ট ফেক্টৰীৰ নিলগৰ ছেৱালি বিলৰ কাষতে কৰিমগঞ্জৰ আৰক্ষীয়ে ৪৮ টা চাবোনৰ বাকচত জব্দ কৰে ৫৪৮.৮২ গ্ৰাম হেৰ’ইন( Drugs worth Rs 8 crore seized, four smugglers detained) ।

কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসৰ নেতৃত্বত চলিছিল এই অভিযান । আৰক্ষীৰ জালত পৰে ড্ৰাগছ সৰবৰাহকাৰী আব্দুল বাচিত, ফইজুল হক, তাজউদ্দিন, নাহিম উদ্দিন । কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীকেইটাৰ ঘৰ কৰিমগঞ্জৰ পাথাৰকান্দি এলেকাত । সম্প্ৰতি কৰিমগঞ্জ আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে সৰবৰাহকাৰীকেইটাক।

লগতে পঢ়ক :Dead body found in Sonari : সোণাৰিৰ লংপতীয়াত বিদ্যালয়ৰ খেলপথাৰত উদ্ধাৰ মৃতদেহ