Local, Vocal, Global

Drugs worth Rs 4.5 crore seized : যোৰাবাটত জব্দ প্ৰায় ৪ কোটি টকাৰ হেৰ’ইন;গ্ৰেপ্তাৰ সৰবৰাহকাৰী

নিউজ ডেস্ক, ১৪ অক্টোবৰ: ৰাজ্যত দুৰ্গোৎসৱ উছাহৰ মাজেত মহানগৰীত STF ৰ অভিযান দেওবাৰে নিশা গুৱাহাটী মহানগৰীত ড্ৰাগ্ছৰ বিৰুদ্ধে STFৰ অভিযান ।

অভিযানত যোৰাবাটত জব্দ প্ৰায় ৪.৫ কোটি টকাৰ হেৰ’ইন । AS-01 RC-2336 নম্বৰৰ ট্ৰাকখনৰ পৰা জব্দ কৰে ড্ৰাগ্ছখিনি(Drugs worth Rs 4 crore seized)।

জানিব পৰা মতে, ৪৫টা চাবোনৰ বাকচত আনিছিল হেৰ’ইনখিনি ।ইফালে অভিযানত STF বাহিনীয়ে হেৰ’ইনসহ গ্ৰেপ্তাৰ কৰে এজন সৰবৰাহকাৰী । গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰীজন
ৰণঞ্জয় মণ্ডল বুলি জানিব পৰা গৈছে । মণ্ডলৰ পৰা জব্দ প্ৰায় ৫৩৭.২ গ্ৰাম হেৰ’ইন জব্দ কৰে ।

STFৰ পৰিদৰ্শক কপিল পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান।

লগতে পঢ়ক : Pobitora Wildlife Sanctuary reopens for tourist : পৰ্যটকৰ বাবে মুকলি কৰা হ’ল এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য