Local, Vocal, Global

বৰপেটা ৰোডত ৩ লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ

নিউজ ডেস্ক্ৰ, ৮ মাৰ্চঃ বৰপেটা ৰোডৰ শিমলুগুৰিৰ পৰা ড্ৰাগছসহ এজন যুৱকক বৰপেটা আৰক্ষীয়ে আটক কৰে। আটকাধীন যুৱকজনৰ নাম ছিৰাজুল হ’ক বুলি জানিব পৰা গৈছে। ধৃত ছিৰাজুল হ’কৰ ঘৰ বাক্সা জিলাৰ গোবৰ্দ্ধনা থানাৰ অন্তৰ্গত ধূপগুৰীৰ।
   

এক গোপন সূত্ৰৰ ভিত্তিত বৰপেটা ৰোড থানাৰ আৰক্ষীয়ে অভিযান চলাই বৰপেটা ৰোডৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শিমলুগুৰিৰ পৰা কৰায়ত্ব কৰে। আৰক্ষীয়ে যুৱকজনৰ পৰা ৫৬ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এই ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৩ লক্ষাধিক টকা বুলি জানিব পৰা গৈছে।বৰ্তমান ধৃত যুৱকজনক আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে।