ত্ৰিপুৰাত কোটি কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ
ত্ৰিপুৰাৰ ধলাই আৰক্ষীৰ এক অভিযানত কোটি কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে।শুক্ৰবাৰে এই কথা সদৰি কৰে বিষয়াসকলে।এক সূত্ৰ অনুসৰি ধলাই আৰক্ষী আৰু সশস্ত্ৰ সীমা বল (এছএছবি)য়ে এক যুটীয়া অভিযান চলাই আৰু ধলাই জিলাৰ পৰা ড্ৰাগছ জব্দ কৰে।অভিযানত বিষয়াসকলে ১০,০০০ য়াবা টেবলেটৰ সৈতে চাৰি কিলোগ্ৰাম হেৰোইন জব্দ কৰে।জব্দ কৰা সামগ্ৰীখিনিৰ আনুমানিক মূল্য প্ৰায় ৪.১০ কোটি টকা বুলি জানিব পৰা গৈছে।এই ঘটনা সন্দৰ্ভত তিনিজন লোক গ্ৰেপ্তাৰ কৰা হৈছে।গ্ৰেপ্তাৰ কৰা লোত কেইজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।