Local, Vocal, Global

Drugs worth around Rs 31 cr seized : পুনৰ চুবুৰীয়া ৰাজ্য মিজোৰামত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সা-সামগ্ৰী আৰু নিচাযুক্ত টেবলেট

নিউজ ডেস্ক, ৭ফেব্ৰুৱাৰী : মিজো আৰক্ষীৰ সফল অভিযান । পুনৰ চুবুৰীয়া ৰাজ্য মিজোৰামত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সা-সামগ্ৰী আৰু নিচাযুক্ত টেবলেট(Drugs worth around Rs 31 cr seized)।

লংটিলাই জিলাৰ চাংগাও-পানখুৱা পথত অসম ৰাইফলছে জব্দ কৰিলে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী।

প্ৰাপ্ত তথ্য অনুসৰি, অসম ৰাইফলছৰ এক তালাচী অভিযানত এখন বলেৰ’ বাহনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ১৫০ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰীৰ লগতে ১৮০০ টা ডিটনেটৰ, ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ কৰ্ডেক্স।লগতে আৰক্ষীয়ে আটক কৰে চিয়ামো থাংগা আৰু আমেংগী নামৰ দুটা সৰবৰাহকাৰীক(150 kgs of explosives, 1800 detonators seized in Lawngtlai district, 2 persons detained)।

ইপিনে গোপন তথ্যৰ ভিত্তিত মঙলবাৰে মিজোৰামৰ চি আই ডি আৰু চাম্পাই আৰক্ষীয়ে যৌথ অভিযান চলাই । অভিযানত মঙলবাৰে চাম্পাইৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১০.৩৮৫ কিলোগ্ৰাম ওজনৰ মেথাম ফেটামাইন টেবলেট( Drugs worth around Rs 31 cr seized, 6 arrested in 2 separate ops)।

জানিব পৰা মতে, ‌দহটা পেকেটত লুকুৱাই সৰবৰাহৰ সময়ত জব্দ কৰা হয় ড্ৰাগছখিনি। জব্দকৃত ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৩১ কোটি টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে এগৰাকী মহিলাসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰী দুজন লেংপুইৰ মালছাম জুয়ালি (৩৮) আৰু লালচন্দামা (১৯) বুলি চিনাক্ত কৰা হৈছে । এই ঘটনা সন্দৰ্ভত চাম্পাই জিলাৰ জোখোৱাথাৰ থানাত NDPS আইনৰ অধীনত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে(Drugs Worth Rs 31 Crore Seized In Mizoram As Centre Decides To Fence Indo-Myanmar Border)।

লগতে পঢ়ক : Explosive Confession of Spy Manash : পুনৰ মানস বৰগোহাঁইৰ স্বীকাৰোক্তি! এইবাৰ মানস চলিহাৰ বিৰুদ্ধে উত্থাপন হৈছে আন এক অভিযোগ