Drugs seized in Nagaon : নগাঁৱত ড্ৰাগছসহ আটক সৰবৰাহকাৰী
নিউজ ডেস্ক,২৬জুন : ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(Drugs seized in Nagaon) ।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ একাংশ সৰবৰাহকাৰীয়ে এতিয়াও আৰক্ষীৰ চকুত ধূলি ছটিয়াই ড্ৰাগছৰ অবাধ বেহা চলাই আছে ৷
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ নগাঁৱৰ অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ।
নগাঁৱৰ ৰাঙলুত বুধবাৰে ড্ৰাগছসহ আটক এজন সৰবৰাহকাৰী ৷ আটকাধীন সৰবৰাহকাৰীজন জাৱেদ আহমেদ বুলি জানিব পৰা গৈছে ৷
ধৃত সৰবৰাহকাৰীটোৰ পৰা ২০ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ৷ গাঁওৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী জনক আটক কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : Unidentified Body Found in Lakhimpur Subansiri River : টামাৰঘাটত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ