Local, Vocal, Global

Drugs seized in Dibrugarh : ডিব্ৰুগড়ত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

নিউজ ডেস্ক,২৫জুন : ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(Drugs seized in Dibrugarh) ।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ একাংশ সৰবৰাহকাৰীয়ে এতিয়াও আৰক্ষীৰ চকুত ধূলি ছটিয়াই ড্ৰাগছৰ অবাধ বেহা চলাই আছে ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাখনৰ বিভিন্ন আৰক্ষী থানা এলেকাত নিতৌ উদ্ধাৰ হৈ আছে ড্ৰাগছ । আৰক্ষীয়ে দিনে-নিশাই ডিব্ৰুগড় জিলাৰ সীমান্ত পথ সমূহত কটকটীয়া তালাচী চলোৱাৰ পাছতো ডিব্ৰুগড়ত প্ৰতিদিনে উদ্ধাৰ হৈ আছে ড্ৰাগছ ।

ইয়াৰ মাজতে দেওবাৰে ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । এক গোপন সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত অভিযান চলাই চহৰখনৰ কালিবাৰীৰ পৰা জব্দ কৰে কণ্টেইনাৰসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ ।

ধৃত ড্ৰাগছ বিক্ৰেতা আজাদ আনচাৰীৰ দোকানৰ পৰা ৯৯ টা কণ্টেইনাৰ আৰু ১৫.৫০ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । তদুপৰি আনছাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত চলাইছে ডিব্ৰুগড়ৰ আৰক্ষীয়ে । মুঠৰ ওপৰত ডিব্ৰুগড় আৰক্ষীয়ে জিলাখনত নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে ড্ৰাগছৰ সৰবৰাহ ।

লগতে পঢ়ক : Three students missing in Noonmati : মহানগৰীৰ নুনমাটিৰ পৰা নিৰুদ্দেশ ৩গৰাকী ছাত্ৰী