Drugs seized in Cachar : কাছাৰৰ পৃথক পৃথক স্থানত আৰক্ষীৰ অভিযান;অভিযানত জব্দ বুজন পৰিমাণৰ হেৰ’ইন,আটক সৰবৰাহকাৰী

নিউজ ডেস্ক,১১মে’ : কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । অভিযানত আৰক্ষীৰ বৃহৎ সাফল্য।
জানিব পৰা মতে, শুকুৰবাৰে নিশা ধলাই আৰু শিলডুবিত আৰক্ষীয়ে পৃথক পৃথকে অভিযান চলাই । অভিযানত আৰক্ষীয়ে প্ৰায় ২৭ কোটি টকাৰ হেৰ’ইন জব্দ কৰে। ধলাই এলেকাৰ চান্নিঘাটৰ পৰা জব্দ কৰে ৫৫ টা হেৰ’ইনৰ পেকেট ।জব্দকৃত পেকেট কেইটাৰ পৰা মুঠ ৭০০ গ্ৰাম হেৰʼইন জব্দ কৰে ধলাই আৰক্ষীয়ে।
ইফালে হেৰ’ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন । গ্ৰেপ্তাৰ কৰা ধৃতলোকজন তমিজুৰ ৰহমান লস্কৰ বুলি চিনাক্ত কৰা হৈছে । ধৃত ব্যক্তি জনৰ ঘৰ ধলাইৰ ৰাজগোবিন্দপুৰত( Drugs seized in Cachar)।
ইফালে আৰক্ষীয়ে আন এক অভিযান চলাই শিলডুবিত । অভিযানত আৰক্ষীয়ে শিলচৰ শিলডুবি দ্বিতীয় খণ্ডৰ পৰা ৪১ টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা ৫০০ গ্ৰাম হেৰʼইন জব্দ কৰা হয়। হেৰ’ইনৰ সৈতে ২ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।ধৃত সৰবৰাহকাৰী দুজন কবীৰ আহমেদ বৰভূঞা আৰু ৰাজীব উদ্দিন লস্কৰ।
আটক কৰা লোকদুজনৰ পৰা প্ৰায় ১.২ কেজি হেৰ’ইনৰ জব্দ কৰিছে বুলি আৰক্ষীয়ে সদৰী কৰিছে। জব্দাকৃত হেৰ’ইন খিনিৰ মূল্য প্ৰায় ২৭ কোটি টকা।
হেৰ’ইন খিনি চুবুৰীয়া ৰাজ্যৰ পৰা কাছাৰলৈ সৰবৰাহ কৰি কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল ড্ৰাগছ ব্যৱসায়ীয়ে। ইফালে,বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰা বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই X হেণ্ডেল আৰু ফেচবুকত কাছাৰ আৰক্ষীক উচ্চ প্ৰশংসা কৰিছে।