Local, Vocal, Global

Drugs Seized in assam : হাজোত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰীক

হাজো, ২৫জুন : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই ।

ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ।

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজানা নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায়। ড্ৰাগছ ক্ৰয় কৰিবৰ বাবে প্ৰয়োজনীয় পইছাৰ অভাৱত বহু সময়ত বিভিন্ন ধৰণৰ অপৰাধ পৰ্যন্ত কৰিবলৈয়ো পিছহুহকি নাযায় তৰুণ-তৰুণী । ড্ৰাগছৰ কবলত পৰিলে অতি সহজেই শৰীৰ আৰু মন নিচাগ্ৰস্ত হৈ পৰে।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা।আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে।

এইবাৰ তীৰ্থ নগৰী হাজোত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু হেৰ’ইন । মণিপুৰৰ এটি ড্ৰাগছ সৰবৰাকাৰী চক্ৰক আটক কৰে তীৰ্থ নগৰী হাজোত।গোপম গোপন সূত্ৰৰ পম খেদি চলা আজি অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ আৰু হানগৰ আৰক্ষীৰ যুটীয়া অভিযানত এই চক্ৰটোক আটক কৰে ।

প্ৰাপ্ত তথ্য অনুসৰি, এই দুই সৰবৰাহকাৰীয়ে AS 01 DT 2876 নম্বৰৰৰ বাহনখনৰে হাজোৰ পোৱামক্কা পাহাৰেৰে আহি থকা অৱস্থাত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ আৰু হানগৰ আৰক্ষীৰ যুটীয়া অভিযানত আটক কৰে।

জানিব পৰা মতে,অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ পাৰ্থসাৰথি মহন্তৰ আৰু কামৰূপ মহানগৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠক নেতৃত্বত যোৱা দলটোৱে পোৱামক্কা পাহাৰত দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে লগতে হেৰ’ইনখিনি জব্দ কৰিবলৈ সক্ষম হয় (Drugs Seized in hajo)।

আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি, অভিযানত আৰক্ষীয়ে ১০০ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ, প্ৰায় ১.৩ কি.গ্ৰা হেৰ’ইন,৯০০ গ্ৰাম ওজনৰ ৬৫টা হেৰ’ইন ভৰ্তি পেকেট জব্দ কৰাৰ লগতে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে( detained drugs paddle)।

উল্লেখ্য যে আৰক্ষীক দেখি দুষ্ট চক্ৰটোৱে পলাবলৈ লওতেই বাহনখন পোৱামক্কা পাহাৰেৰে পাহাৰত বাগৰি পৰে।

লগতে পঢ়ক : Assam Flood : অসমৰ বান পৰিস্থিতিৰ বুজ ললে অমিত শ্বাহে, সাহায্যৰ আশ্বাস