Drugs seized in Amingaon: মহানগৰীৰ আমিনগাঁৱত জব্দ ৪ কোটি টকা ড্রাগছ
উত্তৰ গুৱাহাটী,৯ফেব্ৰুৱাৰী : আমিনগাঁৱত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ ।
STF ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলা অভিযানত জব্দ ড্ৰাগছখিনি ।
মিজোৰামৰ পৰা নামনি অসমলৈ সৰবৰাহ কৰাৰ সময়তে জব্দ কৰে ড্ৰাগছখিনি(Drugs seized in Amingaon)।
NL 01 AE 1147 নম্বৰৰ ট্ৰাকখনত গোপন চেম্বাৰ বনাই সৰবৰাহ কৰা ৫০ টা পেকেট জব্দ কৰে অভিযানকাৰী দলটোৱে ।
জব্দকৃত ৬০০ গ্ৰাম হেৰ’ইনৰ বজাৰ মূল্য প্ৰায় ৪ কোটি টকা বুলি সদৰি কৰে আৰক্ষীয়ে।
আৰক্ষীয়ে অভিযানত ড্ৰাগছ সৰবৰাহকাৰী বৰপেটাৰ আমিৰ হুছেইন খানক কৰায়ত্ব কৰে।
লগতে পঢ়ক :Karishma Nath : কৰিশ্মা নাথৰ নাগাৰা নাম প্ৰদৰ্শনৰ মাজতেই ঘটিল অঘটন