Local, Vocal, Global

Drugs seized from Lumding Railway : লামডিং ৰে’ল আৰক্ষী আৰু চি আই বিৰ এক যৌথ অভিযান; অভিযানত জব্দ প্ৰায় ২০ হাজাৰ নিচা জাতীয় টেবলেট

নিউজ ডেস্ক,৭আগষ্ট : পুনৰ লামডিং আৰক্ষীৰ সফলতা । লামডিং ৰে’ল আৰক্ষী আৰু চি আই বিৰ এক যৌথ অভিযানত জব্দ প্ৰায় ২০ হাজাৰ নিচা জাতীয় টেবলেট ।

বুধবাৰে ৰে’ল আৰক্ষীয়ে লামডিং ৰে’ল জংছনত ১৫৬৬৬ নামনিমুৱা মৰিয়নি গুৱাহাটী বিজি এক্সপ্ৰেছ ৰে’লৰ সাধাৰণ শ্ৰেণীৰ ডি-১ ডবাৰ এচা চিটৰ তলত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে নিচাজাতীয় টেবলেট।

আৰক্ষীয়ে জনোৱা অনুসৰি জব্দকৃত টেবলেটখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১০ লাখ টকা হ’ব।জব্দকৃত এই টেবলেটখিনি ডিমাপুৰৰ পৰা সৰবৰাহৰ চেষ্টা চলোৱা হৈছিল। অৱশ্যে ঘটনা সন্দৰ্ভত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে(Drugs seized from Lumding Railway)।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মঙলবাৰে লামডিং আৰক্ষীয়ে অভিযান চলাই এখন ট্ৰাকৰ পৰা প্ৰায় ৪০ লাখ টকাৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছিল।গুৱাহাটীৰ পৰা লংকা অভিমুখী ট্ৰাকখনত অভিযান চলাই আৰক্ষীয়ে প্ৰায় ১০০০ টা বিলাতী সুৰাৰ বটল জব্দ কৰিছিল। অৱশ্যে এই সুৰাখিনি জব্দ কৰিলেও কোনো এজন লোককে আটক কৰিব নোৱাৰিলে আৰক্ষীয়ে।

লগতে পঢ়ক : Security forces seize weapons in Manipur : অশান্ত জৰ্জৰ মনিপুৰত জব্দ বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ