WATCH | Drugs Seized : এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে কলেজীয়া ছাত্ৰ

সোণাৰি,৬জুন : মাৰাত্মক ড্ৰাগছৰ বৃহৎ ঘাটি হৈ পৰা চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ নিকটবৰ্তী টাউকাক চাহ বাগিছা এলেকাত নিশা ড্ৰাগছ সৰবৰাহ কৰা এটা পৰিয়ালৰ তিনিজন সদস্যক চৰাইদেউ আৰক্ষীয়ে আটক কৰে।
আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ নাম ধ্ৰুৱ ৰায় (৪০), লিমছি কন্যাক (৩৫) আৰু তেওঁলোকৰ পুত্ৰ ৰাজ ৰায় (২২)। তেওঁলোকৰ পৰা ৯.১ গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে। জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰত মূল্য অনুমানিক ৫০ হাজাৰ টকা। ৰাজ ৰায় সোণাৰি মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ(Drugs Seized)।
চৰাইদেউ আৰক্ষীয়ে আজি গোপন সূত্ৰৰ তথ্যৰ আধাৰত টাউকাক চাহ বাগিছাৰ পানী গছ তিনি আলিত তালাচী অভিযান চলাওঁতেই তিনিওকে আটক কৰে।
উল্লেখ্য যে, উদ্ধাৰ হোৱা ড্ৰাগছখিনি ডিমাপুৰৰ পৰা ধ্ৰুৱ ৰায় আৰু পত্নী লিমছিয়ে ক্ৰয় কৰি নাগালেণ্ডৰ মন জিলাত বিক্ৰীৰ বাবে আনিছিল।ধ্ৰুৱ ৰায় আৰু লিমছিয়ে বিয়লি ভাগত ডিমাপুৰৰ পৰা ৰে’ল যোগে আহি ভজো ষ্টেচনত নামিছিল আৰু তেওঁলোকক পুত্ৰ ৰাজ ৰায়ে আগবঢ়াই আনিবলৈ গৈছিল। ষ্টেচনত নামিয়েই ধ্ৰুৱ ৰায়ে পুত্ৰ ৰাজক এখন বহীৰ টোপোলা দিছিল। বহীখিনিৰ ভিতৰ ভাগত কৌশলেৰে সৰুকৈ কাটি থোৱা আছিল আৰু তাৰ ভিতৰত ব্ৰাউন চুগাৰ খিনি লুকাই অনা হৈছিল।
বহী খন দেখি কোনো লোকৰেই সন্দেহ নহয়,যে তাত মাৰাত্মক ড্ৰাগছ লুকাই থোৱা আছে। ষ্টেচনত ড্ৰাগছ লুকাই অনা বহীৰ টোপোলাটো হাতত লৈয়ে ৰাজ ৰায়ে এ এছ ৩৩ বি ৮৮২০ নম্বৰৰ পালচাৰ বাইকখনলৈ চৰাইদেউৰ সীমান্তবৰ্তী নামতোলা-হাতীকেম্পৰ নিজা ঘৰলৈ বুলি ৰাওনা হৈছিল।
ইয়াৰ বিপৰীতে আৰক্ষীৰ তালাচীৰ পৰা হাত সাৰিবলৈয়ে ধ্ৰুৱ আৰু লিমছিয়ে এখন অট ৰিক্সাত নামতোলালৈ বুলি ৰাওনা হৈছিল। উল্লেখ্য যে, ইযাৰ পূৰ্বেও ৰায়ৰ পৰিয়ালটো ড্ৰাগছ সৰবৰাহৰ ঘটনাত গ্ৰেপ্তাৰ হৈছিল।সম্প্ৰতি তিনিওকে চৰাইদেউ আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধ পোছ চলাই আছে।
লগতে পঢ়ক :WATCH | World Environment Day : চতিয়াৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় বিশ্ব পৰিবেশ দিৱস