WATCH | Drugs seized : কলিয়াবৰৰ জখলাবন্ধাত আৰক্ষীৰ জালত ড্ৰাগছসহ দুই ড্ৰাগছ সৰবৰাহকাৰী
কলিয়াবৰ,২০মে’ : কলিয়াবৰৰ জখলাবন্ধাত আৰক্ষীৰ জালত ড্ৰাগছসহ দুই ড্ৰাগছ সৰবৰাহকাৰী।
মহম্মদ আলিমুদ্দিন নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৱে এখন ট্ৰেভেলাৰত যাত্ৰী হিচাপে জখলাবন্ধালৈ কঢ়িয়াই আনিছিল ড্ৰাগছখিনি। ড্ৰাগছ কঢ়িয়াই অনাৰ গোপন খবৰ জখলাবন্ধা আৰক্ষীয়ে লাভ কৰি জখলাবন্ধা চহৰত হাতে -লোটে আটক কৰে মহম্মদ আলিমুদ্দিনে। আলিমুদ্দিনে ড্ৰাগছখিনি নুৰ ইছলাম নামৰ টমটম চালকৰূপী এটা সৰবৰাহকাৰীক দিব বিচাৰোঁতে জখলাবন্ধা আৰক্ষীয়ে আটক কৰে নুৰ ইছলামক(Drugs seized)।
ড্ৰাগছসহ আটক কৰা নুৰ ইছলামৰ ঘৰ জখলাবন্ধা আৰক্ষী থানা এলেকাধীন ন-জানত আৰু মহম্মদ আলিমুদ্দিনৰ ঘৰ জখলাবন্ধা আৰক্ষী থানা এলেকাধীন হাৰমতিত। ড্ৰাগছ সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা টমটমখন আৰক্ষীয়ে জব্দ কৰাৰ লগতে দুই গভাইত ড্ৰাগছ সৰবৰাহকাৰীক জখলাবন্ধা আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে।
লগতে পঢ়ক : WATCH | Pijush Hazarika: হাতীমূৰা মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুয হাজৰিকাৰ