Local, Vocal, Global

Drugs Peddlers Arrested in Marigaon : মৰিগাঁৱৰ দাঁতিয়ালবৰীত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

নিউজ ডেস্ক,১৮মে’ : ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ9Drugs Peddlers Arrested in Marigaon) ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁৱত চলি আছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় ।

শুকুৰবাৰে নিশা মৰিগাঁৱৰ দাঁতিয়ালবৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান৷ অভিযানত ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰীক ৷

ধৃত সৰবৰাহকাৰীটো দাঁতিয়ালবাৰীৰ মতিবুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে । আটকাধীন মতিবুৰৰ ঘৰৰ পৰা ৪০টা ড্ৰাগভৰ্তি কণ্টেইনাৰসহ নগদ ধন জব্দ কৰে আৰক্ষীয়ে।

লগতে পঢ়ক :18 Injured In Road Accident In Kokrajhar : যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত; আহত ১৮জন যাত্ৰী