Local, Vocal, Global

Drugs Peddlers Arrested in Karimganj : কৰিমগঞ্জত বুজন পৰিমানৰ হেৰ’ইনৰসহ আটক সৰবৰাহকাৰী

নিউজ ডেস্ক,১৬মে’ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(Drugs Peddlers Arrested in Karimganj)।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ কৰিমগঞ্জত চলি আছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় । তাৰ মাজেত আৰক্ষীয়ে দিনে নিশাই নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলাই অভিযান ।ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কৰিমগঞ্জ আৰক্ষীয়ে বুধবাৰে বৃহৎ সাফল্য লাভ কৰে। আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত বদৰপুৰ আৰক্ষীয়ে অভিযান চলাই বদৰপুৰৰ পৰা বুজন‌ পৰিমানৰ হেৰ’ইন জব্দ কৰে। লগতে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

প্ৰাপ্ত তথ্য মতে, মিজোৰামৰ পৰা গুৱাহাটী অভিমুখী এখন ট্ৰাকত বুজন পৰিমাণৰ হেৰ’ইনখিনি আনি থকাৰ অৱস্থাতে জব্দ কৰে আৰক্ষীয়ে। আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত বদৰপুৰ আৰক্ষীৰ দলে এএছ০১জেচি৬৭৯৬ নম্বৰৰ ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা ১১০ টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ উদ্ধাৰ কৰে। বাকচ কেইটাৰ পৰা মুঠ ১২০০ গ্ৰাম (১.২ কেজি ) হেৰ’ইনৰ জব্দ কৰা হয়। লগতে হেৰ’ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে চিয়াব উদ্দিন নামৰ এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে।

আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে জানিবলৈ দিয়া মতে, জব্দ কৰা হেৰ’ইনৰ মূল্য প্ৰায় ১০ কোটি টকা। হেৰ’ইন খিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা সৰবৰাহ কৰি কৰিমগঞ্জৰ মাজেৰে গুৱাহাটীলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ড্ৰাগছ সৰবৰাহকাৰীয়ে । ঘটনা সন্দৰ্ভত বদৰপুৰ থানাত এটি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

লগতে পঢ়ক : Decomposed Body Recovered from Drain Near Janata Bhawan : নলাত পৰি থকা অৱস্থাত উদ্ধাৰ অচিনাক্ত মৃতদেহ