Drugs Peddlers Arrested : গুৱাহাটীৰ ৰে’ল ষ্টেচনত জব্দ ব্ৰাউন চুগাৰসহ গাঞ্জা
নিউজ ডেস্ক,২০মে’ : ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ(Drugs Peddlers Arrested) ৷
এইবাৰ গুৱাহাটীৰ ৰে’ল ষ্টেচনত আৰক্ষীৰ অভিযান । অভিযানত জব্দ ব্ৰাউন চুগাৰসহ গাঞ্জা।
জানিব পৰা মতে, আৰক্ষীয়ে ৰঙিয়া-শিলচৰ এক্সপ্ৰেছৰ পৰা জব্দ কৰে ব্ৰাউন চুগাৰখিনি। জব্দ কৰে প্ৰায় ৪ পেকেট ব্ৰাউন চুগাৰ, ব্ৰাউন চুগাৰ আৰু গাঞ্জাসহ আটক কৰে কাছাৰৰ নীহাৰুদ্দিন বৰভূঞা নামৰ সৰবৰাহকাৰী এজনক ।
লগতে গুৱাহাটী-বাংগালুৰু এক্সপ্ৰেছৰ পৰা জব্দ গাঞ্জা। শ্বিলঙৰ পৰা ক্ৰয় কৰি বাংগালুৰুলৈ সৰবৰাহৰ চেষ্টা কৰোঁতে আটক এজনক।
লগতে পঢ়ক : Two gamblers arrested in Batadrawa : নগাঁৱত আটক দুজন জুৱাৰী